হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।
আবু হাঝিম ইবনে দীনাৰৰ পৰা বৰ্ণিত,
(এদিনাখন) কিছুমান লোক ছাহল ইবনে ছাআদ আচ-ছায়িদীৰ ওচৰলৈ আহিল আৰু মিম্বৰখন কি কাঠেৰে নিৰ্মিত আছিল সেই বিষয়ে তেওঁলোকৰ মনত প্ৰশ্ন জাগিছিল। তেওঁলোকে এই বিষয়ে তেওঁক প্ৰশ্ন কৰাত তেওঁ ক’লেঃ আল্লাহৰ শপত! সেইখন কিহেৰে নিৰ্মিত আছিল সেয়া মই ভালকৈয়ে জানো। ইয়াক যিদিনা প্ৰথম স্থাপন কৰা হৈছিল আৰু যিদিনা ইয়াৰ ওপৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথম বহিছিল সেয়াও মই দেখিছিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনছাৰী এজনী মহিলাৰ ওচৰলৈ (বৰ্ণনাকাৰীয়ে কৈছে, ছাহলে উক্ত মহিলাজনীৰ নামো উল্লেখ কৰিছিল) এই নিৰ্দেশ দি পঠিয়াছিল যে, "তোমাৰ কাঠমিস্ত্ৰী দাসৰ জৰিয়তে মোৰ বাবে এনেকুৱা এখন আসন বনাই দিয়া, যাৰ ওপৰত বহি মই মানুহৰ লগত কথা পাতিব পাৰোঁ।" ইয়াৰ পিছত সেই মহিলাগৰাকীয়ে তাক আদেশ দিলে আৰু সি (মদীনাৰ পৰা ন মাইল দূৰত থকা) অৰণ্যৰ কাঠেৰে তৈয়াৰ কৰি আনিলে আৰু মহিলাগৰাকীয়ে সেইখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ পঠিয়াই দিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশত ইয়াতেই ইয়াক স্থাপন কৰা হৈছিল। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ইয়াৰ ওপৰত নামাজ পঢ়াও দেখিছোঁ, ইয়াৰ ওপৰত উঠি তেখেতে তাকবীৰ দিছিল আৰু ইয়াৰ ওপৰতে ৰূকু কৰিছিল, আৰু মিম্বৰৰ পৰা নামি আহি মিম্বৰৰ গুৰিত ছাজদাহ কৰিছিল। ইয়াৰ পিছত পুনৰ এনেকৈ কৰিছিল। নামাজ শেষ কৰি তেখেতে মানুহক সম্বোধন কৰি কৈছিলঃ "হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।"
أَنَّ رِجَالًا أَتَوْا سَهْلَ بْنَ سَعْدٍ السَّاعِدِيَّ، وَقَدِ امْتَرَوْا فِي الْمِنْبَرِ مِمَّ عُودُهُ، فَسَأَلُوهُ عَنْ ذَلِكَ، فَقَالَ: وَاللهِ إِنِّي لَأَعْرِفُ مِمَّا هُوَ، وَلَقَدْ رَأَيْتُهُ أَوَّلَ يَوْمٍ وُضِعَ، وَأَوَّلَ يَوْمٍ جَلَسَ عَلَيْهِ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، أَرْسَلَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِلَى فُلَانَةَ -امْرَأَةٍ من الأنصار قَدْ سَمَّاهَا سَهْلٌ-: «مُرِي غُلَامَكِ النَّجَّارَ أَنْ يَعْمَلَ لِي أَعْوَادًا أَجْلِسُ عَلَيْهِنَّ إِذَا كَلَّمْتُ النَّاسَ»، فَأَمَرَتْهُ فَعَمِلَهَا مِنْ طَرْفَاءِ الْغَابَةِ، ثُمَّ جَاءَ بِهَا، فَأَرْسَلَتْ إِلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَأَمَرَ بِهَا فَوُضِعَتْ هَاهُنَا، ثُمَّ رَأَيْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ صَلَّى عَلَيْهَا وَكَبَّرَ وَهُوَ عَلَيْهَا، ثُمَّ رَكَعَ وَهُوَ عَلَيْهَا، ثُمَّ نَزَلَ الْقَهْقَرَى، فَسَجَدَ فِي أَصْلِ الْمِنْبَرِ ثُمَّ عَادَ، فَلَمَّا فَرَغَ أَقْبَلَ عَلَى النَّاسِ فَقَالَ: «أَيُّهَا النَّاسُ، إِنَّمَا صَنَعْتُ هَذَا لِتَأْتَمُّوا وَلِتَعَلَّمُوا صَلَاتِي».
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যৱহাৰ কৰা তেখেতৰ মিম্বৰ সম্পৰ্কে সুধিবলৈ কেইজনমান লোক এজন চাহাবীৰ ওচৰলৈ গ'ল। দৰাচলতে তেওঁলোকৰ প্ৰশ্নটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰখন কিহেৰে নিৰ্মিত আছিল, তেওঁলোকে বিষয়টোকলৈ বিপাঙত পৰিছিল তথা বিতৰ্কত লিপ্ত হৈছিল, ইয়াৰ সমাধান প্ৰদান কৰি চাহাবীজনে ক'লে যে, আনচাৰী এজনী মহিলাৰ কাঠমিস্ত্ৰী এজন দাস আছিল, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহিলাজনীৰ ওচৰলৈ নিৰ্দেশ পঠিয়াই ক'লে যে, তুমি তোমাৰ দাসজনক কোৱা সি যেন মোৰ বাবে এখন মিম্বৰ নিৰ্মাণ কৰি দিয়ে, যাতে সেইখনৰ ওপৰত বহি মই মানুহক সম্বোধন কৰিব পাৰোঁ। মহিলাগৰাকীয়ে তেখেতৰ কথামতে দাসজনক ঝাউবন গছেৰে এখন মিম্বৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিলে। সেইখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ পঠিয়াই দিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেইখনক মছজিদৰ যি ঠাইত ৰাখিবলৈ নিৰ্দেশ দিছিল সেই ঠাইতে ৰখা হৈছিল। ইয়াৰ পিছত তেখেতে সেইখনৰ ওপৰত নামাজ পঢ়ি দেখুৱাইছিল, সেইখনৰ ওপৰত তাকবীৰ দিছিল, ৰূকু কৰিছিল আৰু ছাজদাৰ বাবে পিছুৱাই নামি আহি মিম্বৰৰ গুৰিত ছাজদাহ কৰিছিল। নামাজ শেষ হোৱাৰ পিছত তেখেতে লোকসকলক সম্বোধন কৰি ক'লেঃ "হে লোকসকল! মই এইটো এইকাৰণে কৰিলোঁ যাতে তোমালোকে মোক পৰিপূৰ্ণৰূপে অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।"
...:
খতীবে ওপৰত উঠি ভাষণ প্ৰদানৰ বাবে মিম্বৰ বনাই লোৱা মুস্তাহাব। ইয়াৰ উদ্দেশ্য হৈছে যাতে সকলোৱে কথা শুনা পায় আৰু সকলোলৈ বাৰ্তা গৈ পায়।
শিকোৱাৰ উদ্দেশ্যে মিম্বৰৰ ওপৰত থিয় হৈ নামাজ পঢ়ি দেখুৱা বৈধ। এইদৰে প্ৰয়োজনত মুক্তাদীতকৈ ইমাম অলপ ওখ ঠাইত থিয় হোৱাও বৈধ।
মুছলিমসকলে প্ৰয়োজনত শিল্পকলা জনা লোকৰ পৰা সহায় লোৱা বৈধ।
নামাজত প্ৰয়োজন অনুসাৰে অকণমান লৰচৰ কৰা বৈধ।
নামাজত মুক্তাদীয়ে শিকাৰ উদ্দেশ্যে ইমামৰ ফালে চোৱা বৈধ, এইটো খুশ্বু খুজুৰ পৰিপন্থী নহয়।
ছহীহ বুখাৰী (2/ 9) (917).
ছহীহ মুছলিম (1/ 386) (544).
অধিক (3)
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (12/ 330) (12/ 317) (12/ 318) (12/ 324) (12/ 326).
المفهم لما أشكل من تلخيص كتاب مسلم (2/ 153) (2/ 154).
النهاية في غريب الحديث والأثر (ص 780).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"رأيت رسول الله - صلى الله عليه وسلم - مقعياً يأكل تمراً" .
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمأَرْسَلَ رَسُولُ اللَّهِ ﷺ إِلَى فُلاَنَةَ - امْرَأَةٍ مِنَ الأَنْصَارِ قَدْ سَمَّاهَا سَهْلٌ - «مُرِي غُلاَمَكِ النَّجَّارَ، أَنْ يَعْمَلَ لِي أَعْوَادًا، أَجْلِسُ عَلَيْهِنَّ إِذَا كَلَّمْتُ النَّاسَ» فَأَمَرَتْهُ فَعَمِلَهَا مِنْ طَرْفَا
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمأَرْسَلَ رَسُولُ اللَّهِ ﷺ إِلَى فُلَانَةَ - امْرَأَةٍ مِنَ الأَنْصَارِ قَدْ سَمَّاهَا سَهْلٌ - «مُرِي غُلَامَكِ النَّجَّارَ، أَنْ يَعْمَلَ لِي أَعْوَادًا، أَجْلِسُ عَلَيْهِنَّ إِذَا كَلَّمْتُ النَّاسَ» فَأَمَرَتْهُ فَعَمِلَهَا مِنْ طَرْفَا
- خطب تعظيم قدر الصلاة"إِنَّمَا صَنَعْتُ هَذَا لِتَأْتَمُّوا وَلِتَعَلَّمُوا صَلاَتِي"