যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যিয়ে দুই শীতল নামাজ (ফজৰ আৰু আচৰ) আদায় কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।"
«مَنْ صَلَّى الْبَرْدَيْنِ دَخَلَ الْجَنَّةَ»
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই শীতল নামাজৰ প্ৰতি উৎসাহিত কৰিছে, অৰ্থাৎ ফজৰ আৰু আচৰৰ নামাজৰ প্ৰতি। লগতে সুসংবাদ দিছে যে, যিয়ে জামাত সহকাৰে উপযুক্ত সময়ত নিয়মিতভাৱে এই দুটা নামাজ আদায় কৰিব, তেন্তে এই দুটা তেওঁৰ জান্নাত লাভ কৰাৰ কাৰণ হ'ব।
হাদীছটোত ফজৰ আৰু আচৰৰ নামাজ নিয়মিত আদায় কৰাৰ ফজীলত বৰ্ণিত হৈছে। কাৰণ ফজৰৰ নামাজ আদায় কৰা হয় সুখদায়ক টোপনিৰ সময়ত। আনহাতে আচৰৰ নামাজ পঢ়া হয় মানুহৰ ব্যস্ততাৰ সময়ত। গতিকে এই দুটা নামাজ নিয়মিতভাৱে সঠিক সময়ত যিয়ে আদায় কৰিব, তাৰ বাবে নিশ্চয় অন্যান্য নামাজ নিয়মিতভাৱে আদায় কৰাটো অতি সহজ।
ফজৰ আৰু আচৰৰ নামাজক দুই শীতল নামাজ বুলি এই কাৰণে কোৱা হৈছে, কাৰণ ফজৰৰ সময়ত ৰাতিৰ ঠাণ্ডা থাকে, আৰু আচৰৰ সময়ত দিনৰ ঠাণ্ডা, যদিও গৰম দিনতে নহওক কিয়, কাৰণ গৰম দিনত দুপৰীয়াৰ তুলনাত আচৰৰ সময়ত গৰমৰ পৰিমাণ কম থাকে। অথবা বেছি ব্যৱহাৰ হোৱাৰ কাৰণে একে নামেৰে নামকৰণ কৰা হৈছে, যেনে- সূৰ্য্য আৰু চন্দ্ৰক একেলগে আল-ক্বামাৰান বুলি কোৱা হয়।
ছহীহ বুখাৰী (1/ 119) (574).
ছহীহ মুছলিম (1/ 440) (635).
অধিক (4)
نزهة المتقين.
لمجموعة من الباحثين (1/ 159).
شرح رياض الصالحين.
لابن عثيمين (2/ 187).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“من صلى البردين دخل الجنة”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 1 «مَنْ صَلَّىٰ الْبَرْدَيْنِ دَخَلَ الْجَنَّةَ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«مَن صلَّىٰ البَرْدَيْنِ دَخَلَ الجَنَّةَ».