Skip to content

“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া

মাহমূদ বিন লাবীদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”

«إِنَّ أَخْوَفَ مَا أَخَافُ عَلَيْكُمُ الشِّرْكُ الْأَصْغَرُ» قَالُوا: وَمَا الشِّرْكُ الْأَصْغَرُ يَا رَسُولَ اللهِ؟ قَالَ: «الرِّيَاءُ، يَقُولُ اللهُ عز وجل لَهُمْ يَوْمَ الْقِيَامَةِ إِذَا جُزِيَ النَّاسُ بِأَعْمَالِهِمْ: اذْهَبُوا إِلَى الَّذِينَ كُنْتُمْ تُرَاؤُونَ فِي الدُّنْيَا، فَانْظُرُوا هَلْ تَجِدُونَ عِنْدَهُمْ جَزَاءً؟».

(আহমদ)
হাছান
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, তেখেতে উম্মতৰ প্ৰতি যিটো বিষয়কলৈ আটাইতকৈ বেছি আশংকা কৰিছে সেইটো হৈছে সৰু শ্বিৰ্ক, অৰ্থাৎ ৰিয়া বা লোকক দেখুৱাবলৈ কৰা আমল। ইয়াৰ পিছত তেখেতে উল্লেখ কৰিছে যে, লোকক দেখুৱাবলৈ কৰা আমলৰ গৰাকীসকলক কিয়ামতৰ দিনা শাস্তি স্বৰূপে কোৱা হ'ব যে, তোমালোকে যিসকল লোকক দেখুৱাবলৈ আমল কৰিছিলা আজি সিহঁতৰ ওচৰলৈ গৈ প্ৰতিদান বিচৰাগৈ, সিহঁতে তোমালোকক সেইবোৰ আমলৰ প্ৰতিদান দিব পাৰিবনে?

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

একমাত্ৰ আল্লাহৰ উদ্দেশ্যে ইখলাচৰ সৈতে তথা নিষ্ঠা সহকাৰে আমল কৰা অনিবাৰ্য, লগতে ৰিয়াৰ পৰা সাৱধান থকা অপৰিহাৰ্য।

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ প্ৰতি অত্যন্ত দয়ালু আছিল, তেওঁলোকৰ হিদায়ত আৰু কল্যাণৰ প্ৰতি তেখেত খুবেই আগ্ৰহী আছিল।

চাহাবাসকল হৈছে পূণ্যৱানসকলৰ প্ৰতিনিধি, তেওঁলোকৰ প্ৰতি আশংকা কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যদি এনেকৈ সম্বোধন কৰিছে, তেন্তে আজিৰ মুছলমানসকলৰ প্ৰতি ইয়াৰ আশংকা আৰু অধিক হোৱাটোৱে স্বাভাৱিক।

সম্পাদক

মুছনাদ আহমদ (39/ 39) (23630).

অধিক (4)

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص57).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص45).