Skip to content

মোৰ চাহাবাসকলক গালি নিদিবা। তোমালোকৰ মাজৰ যদি কোনোবাই উহুদ পৰ্বতৰ সমান সোণ দান কৰে, তথাপিও তেওঁলোকে দান কৰা এক মুদ অথবা আধা মুদৰো সমান হ'ব নোৱাৰে।

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

মোৰ চাহাবাসকলক গালি নিদিবা। তোমালোকৰ মাজৰ যদি কোনোবাই উহুদ পৰ্বতৰ সমান সোণ দান কৰে, তথাপিও তেওঁলোকে দান কৰা এক মুদ অথবা আধা মুদৰো সমান হ'ব নোৱাৰে।

«لاَ تَسُبُّوا أَصْحَابِي، فَلَوْ أَنَّ أَحَدَكُمْ أَنْفَقَ مِثْلَ أُحُدٍ ذَهَبًا مَا بَلَغَ مُدَّ أَحَدِهِمْ، وَلاَ نَصِيفَهُ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ প্ৰতি বেয়া ভাষা প্ৰয়োগ কৰিবলৈ নিষেধ কৰিছে। বিশেষকৈ প্ৰথম সময়ছোৱাত ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰীসকলক। তেখেতে কৈছে, মানুহে যদি উহুদ পৰ্বতৰ সমান সোণ ব্যয় কৰে তথাপিও সেই চাহাবাসকলে দান কৰা এক মুদ অথবা অৰ্দ্ধেক মুদ খাদ্য বস্তুৰ ছোৱাবৰ সমানো নহ'ব। মুদ হৈছে এজন সাধাৰণ মানুহৰ দুয়ো হাত একত্ৰিত কৰা আয়তনৰ সমান। এই পাৰ্থক্যৰ কাৰণ হৈছে, তেওঁলোক অত্যন্ত ইখলাচৰ অধিকাৰী আছিল, নিয়্যতত সততা আছিল, তেওঁলোকে দান আৰু যুদ্ধৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিছিল, মক্কা বিজয়ৰ পূৰ্বে তেওঁলোকে এনেকুৱা অৱস্থাত দান কৰিছিল, যেতিয়া বয়-বস্তু তেওঁলোকৰে বেছি প্ৰয়োজন আছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চাহাবাসকলক গালি দিয়া হাৰাম, আনকি এইটো হৈছে মহাপাপ।

সম্পাদক

ছহীহ বুখাৰী (5/ 8) (3673).

ছহীহ মুছলিম (4/ 1967) (2540).

অধিক (8)

عمدة القاري شرح صحيح البخاري.

لبدر الدين العيني (16/ 187).

المنهاج شرح صحيح مسلم بن الحجاج.

للنووي (16/ 93).

الإفصاح عن معاني الصحاح.

ليحيى بن هبيرة (8/ 70).

نزهة النظر في توضيح نخبة الفكر في مصطلح أهل الأثر.

لأحمد بن حجر العسقلاني (ص111).