যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, “হে আল্লাহৰ ৰাছুল! অজ্ঞতা যুগত আমি যিবোৰ পাপকৰ্ম কৰিছোঁ তাৰ বাবে আমাক জবাবদিহি কৰা হ’ব নেকি”? তেখেত (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব। আনহাতে যিয়ে ইছলামত (প্ৰৱেশ কৰি) অপকৰ্মত লিপ্ত হৈছে, তাক পূৰ্বৰ আৰু পৰৱৰ্তী সকলো গুনাহ সম্পৰ্কে জবাবদিহি কৰা হ’ব”।
قَالَ رَجُلٌ: يَا رَسُولَ اللهِ، أَنُؤَاخَذُ بِمَا عَمِلْنَا فِي الْجَاهِلِيَّةِ؟ قَالَ: «مَنْ أَحْسَنَ فِي الْإِسْلَامِ لَمْ يُؤَاخَذْ بِمَا عَمِلَ فِي الْجَاهِلِيَّةِ، وَمَنْ أَسَاءَ فِي الْإِسْلَامِ أُخِذَ بِالْأَوَّلِ وَالْآخِرِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামত প্ৰৱেশ কৰাৰ গুৰুত্ব বৰ্ণনা কৰিছে। যিয়ে ইছলামত প্ৰৱেশ কৰি সত্যতাৰে নিষ্ঠা সহকাৰে ইছলাম পালন কৰিছে, অজ্ঞতা যুগত সি কৰি অহা গুনাহ সম্পৰ্কে তাক সোধ-পোচ কৰা নহ'ব। আনহাতে যিয়ে ইছলামত প্ৰৱেশ কৰি নিফাকত লিপ্ত হৈছে তথা দ্বীনৰ পৰা মুৰ্তাদ হৈছে, সেই ব্যক্তিক কুফৰত থকা অৱস্থাত কৰা আমল সম্পৰ্কে আৰু ইছলামত প্ৰৱেশ কৰাৰ পিছত যিবোৰ আমল কৰিছে সেই সম্পৰ্কেও সোধ-পোচ কৰা হ'ব।
...:
চাহাবাসকলে নিজৰ আমল সম্পৰ্কে বহুত গুৰুত্বশীল আছিল। সেইকাৰণে তেওঁলোকে অজ্ঞতা যুগত কৰা ভুলৰ বিষয়টোতো ভয় কৰিছিল।
ইছলামৰ ওপৰত অটল থকাৰ প্ৰতি উৎসাহিত কৰা হৈছে।
ইছলামত প্ৰৱেশ কৰাৰ অন্যতম এটা ফজিলত হৈছে এই যে, ইয়াৰ ফলত পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়।
মুৰ্তাদ আৰু মুনাফিকসকলক সিহঁতৰ প্ৰতিটো আমল সম্পৰ্কে সোধ-পোচ কৰা হ'ব, যিবোৰ সিহঁতে অজ্ঞতা যুগত কৰিছে আৰু যিবোৰ সিহঁতে ইছলামত প্ৰৱেশ কৰাৰ পিছত কৰিছে।
ছহীহ বুখাৰী (9/ 14) (6921).
ছহীহ মুছলিম (1/ 111) (120).
অধিক (3)
مشارق الأنوار على صحاح الآثار (2/229).
الكواكب الدراري (24/43).
عمدة القاري شرح صحيح البخاري (24/ 76).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- الأسئلة المختارة من قاموس الأسئلة الشائعة حول الإسلامقسم الإسلام«مَن أحسن في الإسلام لم يؤاخذ بما عمل في الجاهلية، ومن أساء في الإسلام أُخِذَ بالأول والآخِر»
- موسوعة الأسئلة (المجموعة الأولى)«مَنْ أَحْسَنَ فِي الإِسْلَامِ لَمْ يُؤَاخَذْ بِمَا عَمِلَ فِي الْجَاهِلِيَّةِ، وَمَنْ أَسَاءَ فِي الإِسْلَامِ أُخِذَ بِالأَوَّلِ وَالآخِرِ»