যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ কিছুমান আত্মীয় আছে যিসকলৰ সৈতে মই আত্মীয়তাৰ বন্ধন বজায় ৰাখিব বিচাৰোঁ কিন্তু সিহঁতে সেই বন্ধন ছিন্ন কৰে। মই সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰে। মই সিহঁতৰ সৈতে সহনশীলতা অৱলম্বন কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে মূৰ্খতাসুলভ আচৰণ কৰে, (এনে স্থিতিত মই কি কৰা উচিত?)। তেখেতে ক'লেঃ "যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।"
أَنَّ رَجُلًا قَالَ: يَا رَسُولَ اللهِ إِنَّ لِي قَرَابَةً أَصِلُهُمْ وَيَقْطَعُونِي، وَأُحْسِنُ إِلَيْهِمْ وَيُسِيئُونَ إِلَيَّ، وَأَحْلُمُ عَنْهُمْ وَيَجْهَلُونَ عَلَيَّ، فَقَالَ: «لَئِنْ كُنْتَ كَمَا قُلْتَ، فَكَأَنَّمَا تُسِفُّهُمُ الْمَلَّ وَلَا يَزَالُ مَعَكَ مِنَ اللهِ ظَهِيرٌ عَلَيْهِمْ مَا دُمْتَ عَلَى ذَلِكَ».
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অভিযোগ কৰিলে যে, তেওঁৰ কিছুমান আত্মীয় আছে যিসকলৰ সৈতে তেওঁ ভাল ব্যৱহাৰ কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰে। তেওঁ সিহঁতৰ সৈতে আত্মীয়তাৰ বন্ধন বজায় ৰাখে কিন্তু সিহঁতে সেই বন্ধন ছিন্ন কৰে। তেওঁ সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে বেয়া আচৰণ কৰে। তেওঁ সহনশীলতা অৱলম্বন কৰে আৰু ক্ষমা কৰি দিয়ে কিন্তু সিহঁতে মূৰ্খতাসুলভ আচৰণ কৰে আৰু বেয়া ভাষা কয়। ইয়াৰ পিছতো সিহঁতৰ সৈতে আত্মীয়তাৰ বন্ধন অটুট ৰখা ঠিক হ'বনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কলেঃ 'যদি বিষয়টো সঁচাই এনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতক সিহঁতৰ মতে লাজত পেলাইছা আৰু সিহঁতক নিজৰ দৃষ্টিতে হেও প্ৰতিপন্ন কৰিবলৈ বাধ্য কৰাইছা, যেনিবা তুমি সিহঁতক গৰম ছাই খুৱাই আছা; কাৰণ তুমি বাৰে বাৰে সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰি আছা, বিপৰীতে সিহঁতে তোমাৰ সৈতে বেয়া আচৰণ কৰি নিজৰ দৃষ্টিতে অপমানিত হৈ আছে। এই ধাৰা অব্যাহত থাকিলে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক থাকিব, যিয়ে তোমাক সিহঁতৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা কৰিব, যেতিয়ালৈকে তুমি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰি থাকিবা, তথা সিহঁতে তোমাৰ সৈতে বেয়া ব্যৱহাৰ কৰি থাকিব।
বেয়া ব্যৱহাৰৰ বিপৰীতে ভাল ব্যৱহাৰ কৰিলে, বেয়া ব্যৱহাৰকাৰী ব্যক্তিৰ সত্যৰ পিনে উভতি অহাৰ সম্ভাৱনা অধিক বাঢ়ি যায়। যেনে মহান আল্লাহে কৈছেঃ "সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।" (ছুৰা ফুচ্ছিলাতঃ ৩৪)
আল্লাহৰ নিৰ্দেশ পালন কৰা, যদিও কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। এনেকৈ নিৰ্দেশ পালন কৰা মুমিন ব্যক্তিক আল্লাহে সহায় কৰে।
আত্মীয়তাৰ বন্ধন ছিন্ন কৰাটো হৈছে পাৰ্থিৱ জীৱনত এক প্ৰকাৰ কষ্ট আৰু শাস্তি, আৰু আখিৰাতৰ ক্ষেত্ৰত হৈছে গুনাহ আৰু হিচাপ।
মুছলিম ব্যক্তিয়ে নিজৰ সকৰ্মৰ ছোৱাব প্ৰত্যাশা কৰা উচিত। মানুহৰ বেয়া ব্যৱহাৰৰ কাৰণে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা উচিত নহয় আৰু ভাল ব্যৱহাৰ কৰা বন্ধ কৰাও ঠিক নহয়।
যিয়ে কেৱল সেই ব্যক্তিৰ সৈতে আত্মীয়তাৰ বন্ধন অটুট ৰাখে, যিয়ে তাৰ সৈতে সম্পৰ্ক ভাল ৰাখে, সি প্ৰকৃত আত্মীয়তাৰ বন্ধন অটুট কাৰী নহয়। বৰং প্ৰকৃত আত্মীয়তাৰ বন্ধন অটুটকাৰী হৈছে সেই ব্যক্তি, যাৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছতো সেই সম্পৰ্ক অটুট ৰখাৰ চেষ্টা কৰে।
ছহীহ মুছলিম (4/ 1982) (2558).
অধিক (8)
كنوز رياض الصالحين.
لمجموعة من الباحثين (9/ 220).
بهجة الناظرين.
لسليم الهلالي (1/ 698).
نزهة المتقين.
لمجموعة من الباحثين (1/ 539).
شرح رياض الصالحين.
لابن عثيمين (3/ 188).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالحوعن أبي هريرة رضي الله عنه أن رجلا قال: يا رسول الله إن لي قرابة أصلهم ويقطعوني، وأحسن إليهم ويسيئون إلي، وأحلم عنهم ويجهلون علي، فقال: “لئن كنت كما قلت، فكأنما تسفهم الملّ ولا يزال معك من الله ظهير عليهم ما دمت على ذلك”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«لَئِنْ كُنْتَ كَمَا قُلْتَ، فَكَأَنَّمَا تُسِفُّهُم المَلَّ، وَلا يَزالُ مَعَكَ مِنَ الله ظهِيرٌ عَلَيْهِمْ مَا دُمْتَ عَلىٰ ذَلِكَ».
- مجموعة زاد التربية الإسلامية (1)، والسيرة النبوبة (1)، والعقيدة (1)، والفقه (1)التربية الأسلامية 1« أن رجلًا قال: يا رسُول الله، إِنّ لِي قرابةً أصِلُهُمْ ويقْطعُونِي، وأُحْسِنُ إِليْهِمْ ويُسِيئُون إِليّ، وأحْلُمُ عنْهُمْ ويجْهلُون عليّ، فقال:«لئِنْ كُنْت كما قُلْت، فكأنّما تُسِفُّهُمُ الْملّ، ولا يزالُ معك مِن الله ظهِيرٌ عليْهِمْ ما
- نبراس طالب (1)1«لَئِنْ كُنْتَ كَمَا قُلْتَ، فَكَأَنَّمَا تُسِفُّهُمُ الْمَلَّ([9]) ، وَلَا يَزَالُ مَعَكَ مِنَ اللهِ ظَهِيرٌ عَلَيْهِمْ مَا دُمْتَ عَلَى ذَلِكَ»