Skip to content

দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঢাৰি ওপৰত শুই আছিল, তেখেত যেতিয়া টোপনিৰ পৰা উঠিল, দেখা গ'ল তেখেতৰ শৰীৰত ঢাৰিৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ। এই কথা শুনি তেখেতে ক'লেঃ

"দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।"

«مَا لِي وَلِلدُّنْيَا، مَا أَنَا فِي الدُّنْيَا إِلاَّ كَرَاكِبٍ اسْتَظَلَّ تَحْتَ شَجَرَةٍ ثُمَّ رَاحَ وَتَرَكَهَا».

(তিৰমিজী, ইবনে মাজাহ)
ছহীহ
ব্যাখ্যা

আব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সৰু এখন পাটীত শুই আছিল, যিটো বাঁহ বেত বা ঘাঁহ বন আদিৰে বনোৱা হৈছিল, তেখেতে সেই বিছনাত টোপনি মাৰি উঠাৰ পিছত দেখা গ'ল যে, তেখেতৰ শৰীৰত পাটীৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই বাঁহ বেতেৰে তৈয়াৰী ঢাৰি পাটীৰ বিপৰীতে আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ তেন্তে সেইটো উত্তম হ'লহেঁতেন। তেতিয়া তেখেতে চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তিৰ প্ৰতি মোৰ কোনো লোভ লালসা নাই। মই এই পৃথিৱীত আছোঁ এজন মুছাফিৰৰ দৰে, যিয়ে কিছু সময় বিশ্ৰামৰ বাবে এজোপা গছৰ তলত আশ্ৰয় লয় আৰু তাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি নিজৰ গন্তব্য স্থললৈ গুচি যায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, দুনিয়াৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে, বৰং ইয়াৰ পৰা বিমুখ হৈ থাকিব লাগে।

কিন্তু হাদীছটোত এই কথা কোৱা নাই যে, দুনিয়াত নিজৰ প্ৰয়োজনীয় বস্তুকো পৰিত্যাগ কৰিব লাগে। বৰং এনেকুৱা বস্তুক পৰিত্যাগ কৰিবলৈ কোৱা হৈছে যিটোৱে আখিৰাতৰ পৰা অমনোযোগী কৰি ৰাখে। কাৰণ মুছাফিৰ ব্যক্তিয়ে গছৰ ছাঁত এই উদ্দেশ্যে আশ্ৰয় লয়, যাতে তাৰ দ্বাৰা উপকৃত হ'ব পাৰে আৰু গন্তব্য স্থল পোৱাত সহায় হয় তথা ক্লান্ত হৈ নপৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতিটো অৱস্থা হৈছে আমাৰ বাবে আদৰ্শ। যিয়ে তেখেতৰ আদৰ্শ অনুযায়ী জীৱন যাপন কৰিব তেওঁ হিদায়তপ্ৰাপ্ত হ'ব। লগতে দুনিয়া আৰু আখিৰাতত সফলতা অৰ্জন কৰিব।

চাহাবায়ে কেৰাম ৰাদ্বিয়াল্লাহু আনহুমে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত মুহাব্বত কৰিছিল।

দাৱাত আৰু শিক্ষা আদিৰ ক্ষেত্ৰত উদাহৰণ দিয়াটো হৈছে চৰীয়ত সন্মত।

সম্পাদক

ছুনান তিৰমিজী (4/ 166) (2377).

ছুনান ইবনে মাজাহ (5/ 229) (4109).

অধিক (4)

النهاية في غريب الحديث والأثر (979).

فيض القدير (5/ 464).

تطريز رياض الصالحين (ص: 326).

البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (34/ 663).