মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।
ছাওবান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।" আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰুনো কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে সিহঁতক পৱিত্ৰ ৰাখে, আৰু তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সিহঁতক সহায় কৰে।
«أَفْضَلُ دِينَارٍ يُنْفِقُهُ الرَّجُلُ، دِينَارٌ يُنْفِقُهُ عَلَى عِيَالِهِ، وَدِينَارٌ يُنْفِقُهُ الرَّجُلُ عَلَى دَابَّتِهِ فِي سَبِيلِ اللهِ، وَدِينَارٌ يُنْفِقُهُ عَلَى أَصْحَابِهِ فِي سَبِيلِ اللهِ» قَالَ أَبُو قِلَابَةَ: وَبَدَأَ بِالْعِيَالِ، ثُمَّ قَالَ أَبُو قِلَابَةَ: وَأَيُّ رَجُلٍ أَعْظَمُ أَجْرًا مِنْ رَجُلٍ يُنْفِقُ عَلَى عِيَالٍ صِغَارٍ، يُعِفُّهُمْ أَوْ يَنْفَعُهُمُ اللهُ بِهِ وَيُغْنِيهِمْ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ধন-সম্পদ ব্যয় কৰাৰ কেইটামান শিতানৰ কথা উল্লেখ কৰিছে। লগতে যদি ব্যয়ৰ শিতান অধিক হয় তেন্তে সেই সময়ত যিটো বেছি প্ৰয়োজন সেইমতে তেখেতে শিতানবোৰ উল্লেখ কৰিছে, সেয়ে তেখেতে সেইটোক প্ৰথমে উল্লেখ কৰিছে যিটো বেছি গুৰুত্বপূৰ্ণ। এতেকে তেখেতে কৈছে যে, মুছলিমে ব্যয় কৰা সম্পদৰ আটাইতকৈ বেছি ছোৱাব হৈছে সেই সম্পদত, যিটো তেওঁ ব্যয় কৰে নিজৰ অধীনস্থ লোকৰ ওপৰত, যেনে- স্ত্ৰী আৰু সন্তান-সন্ততি। ইয়াৰ পিছত হৈছে যুদ্ধত ব্যৱহাৰ কৰা বাহনৰ বাবে ব্যয় কৰা সম্পদ। ইয়াৰ পিছত হৈছে সেইসকল সংগী-সাৰথিৰ প্ৰতি ব্যয় কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধ কৰে।
ব্যয়ৰ শিতান অধিক হ'লে, ফজিলত অনুযায়ী অগ্ৰাধিকাৰ দিয়া উচিত, যিদৰে ওপৰত উল্লেখ কৰা হৈছে।
অন্যান্য শিতানত ব্যয় কৰাৰ পূৰ্বে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰাক অগ্ৰাধিকাৰ দিয়া হৈছে।
আল্লাহৰ পথত কৰা যুদ্ধত ব্যয় কৰাটো হৈছে আটাইতকৈ ডাঙৰ দান। যেনে- বয়-বস্তুৰ যোগান ধৰা, যুদ্ধৰ বাবে মানুহক প্ৰস্তুত কৰা।
কোৱা হৈছে যে, হাদীছত বৰ্ণিত ফি ছাবীলিল্লাহৰ দ্বাৰা প্ৰতিটো সৎকৰ্মকে বুজোৱা হৈছে, যেনে- হজ্জ আদিও ইয়াৰ অন্তৰ্ভুক্ত।
ছহীহ মুছলিম (2/ 691) (994).
অধিক (8)
كنوز رياض الصالحين.
لمجموعة من الباحثين (5/ 315).
شرح رياض الصالحين.
لابن عثيمين (3/ 156).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 291).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 374).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (2)
- رسالة موجزة عن الإسلام كما جاء في القرآن الكريم والسنة النبوية (مشتملة على الأدلة)رِسَالَةٌُ مُوجَزَةٌُ عَنِ الْإِسْلَامِ كَمَا جَاءَ فِي الْقُرْآنِ الْكَرِيمِ وَالسَّنَةِ النَّبَوِيَّة-مشتملة على الأدلة -للحرمين-«أَفْضَلُ دِينَارٍ يُنْفِقُهُ الرَّجُلُ: دِينَارٌ يُنْفِقُهُ عَلَى عِيَالِهِ، وَدِينَارٌ يُنْفِقُهُ الرَّجُلُ عَلَى دَابَّتِهِ فِي سَبِيلِ اللهِ، وَدِينَارٌ يُنْفِقُهُ عَلَى أَصْحَابِهِ فِي سَبِيلِ اللهِ» قَالَ أَبُو قِلَابَةَ: "وَبَدَأَ بِ
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«أَفْضلُ دِينَارٍ يُنْفِقُهُ الرَّجُلُ دينَارٌ يُنْفِقُهُ عَلَىٰ عِيَالِهِ، وَدِينَارٌ يُنْفِقُهُ عَلَىٰ دَابَّتِهِ في سَبيلِ الله، وَدِينَارٌ يُنفِقُهُ عَلَىٰ أصْحَابِهِ في سَبِيلِ الله».