মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
«لَا تَقُومُ السَّاعَةُ حَتَّى يَتَبَاهَى النَّاسُ فِي الْمَسَاجِدِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামত নিকটৱৰ্তী হোৱাৰ আৰু পৃথিৱী শেষ হোৱাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, মানুহে নিজৰ মছজিদৰ সৌন্দৰ্য্যক লৈ গৌৰৱ কৰিব তথা অহংকাৰ কৰিব, নাইবা আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা মছজিদত সিহঁতে দুনিয়াবী বিষয়লৈ অহংকাৰ কৰিব।
মছজিদকলৈ অহংকাৰ কৰা হাৰাম। কাৰণ এইটো হৈছে এটা অগ্ৰহণযোগ্য কৰ্ম, যিটো আল্লাহৰ বাবে কৰা হোৱা নাই।
মছজিদবোৰক ৰং, চিত্ৰ, নক্সা আৰু লিখনীৰে অতিৰিক্তভাৱে সজোৱাটো নিষিদ্ধ কৰা হৈছে, কিয়নো এইবোৰৰ দ্বাৰা নামাজীসকলৰ মন বিচলিত হয়, যেতিয়া তেওঁলোকে এইবোৰলৈ দৃষ্টিপাত কৰে।
ছিন্দীয়ে কৈছে: এইটো এনেকুবা এটা হাদীছ যিটোৰ সত্যতা বৰ্তমান অৱস্থাৰ দ্বাৰা প্ৰমাণিত। লগতে এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা মুজিঝা (অলৌকিকতা)।
ছুনান আবি দাঊদ (1/ 337) (449).
ছুনান নাছায়ী (2/ 32) (689).
ছুনান ইবনে মাজাহ (1/ 475) (739).
অধিক (4)
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (2/ 137).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (1/ 621).