Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ

আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ إِذَا أَوَى إِلَى فِرَاشِهِ كُلَّ لَيْلَةٍ جَمَعَ كَفَّيْهِ، ثُمَّ نَفَثَ فِيهِمَا فَقَرَأَ فِيهِمَا: {قُلْ هُوَ اللهُ أَحَدٌ}، وَ{قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ}، وَ{قُلْ أَعُوذُ بِرَبِّ النَّاسِ}، ثُمَّ يَمْسَحُ بِهِمَا مَا اسْتَطَاعَ مِنْ جَسَدِهِ، يَبْدَأُ بِهِمَا عَلَى رَأْسِهِ وَوَجْهِهِ وَمَا أَقْبَلَ مِنْ جَسَدِهِ، يَفْعَلُ ذَلِكَ ثَلَاثَ مَرَّاتٍ.

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

টোপনি যোৱাৰ আগত ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি হাতত ফুঁ দি শৰীৰ মছেহ কৰা মুস্তাহাব।

সম্পাদক

ছহীহ বুখাৰী (6/ 190) (5017).

(7/ 133) (5748).

অধিক (5)

الكاشف عن حقائق السُّنن (5/1651).

عمدة القاري شرح صحيح البخاري (20/ 35).

التوضيح لشرح الجامع الصحيح ( 24/ 91).

النهاية في غريب الحديث والأثر (ص 929).

شرح سنن أبي داود لابن رسلان (19/268).