Skip to content

হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।

يَا رَسُولَ اللَّهِ، نَرَى الجِهَادَ أَفْضَلَ العَمَلِ، أَفَلاَ نُجَاهِدُ؟ قَالَ: «لَا، لَكُنَّ أَفْضَلُ الجِهَادِ: حَجٌّ مَبْرُورٌ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

চাহাবাসকলে (ৰাদ্বিয়াল্লাহু আনহুম) আল্লাহৰ পথত জিহাদ কৰাক তথা শত্ৰুৰ সৈতে যুদ্ধ কৰাক সৰ্বশ্ৰেষ্ঠ আমল বুলি বিবেচনা কৰিছিল। সেয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, মহিলাসকলে জিহাদত অংশগ্ৰহণ নকৰিবনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক নিৰ্দেশনা দি ক'লে যে, হজ্জে মাবৰূৰ হৈছে তেওঁলোকৰ বাবে সৰ্বোত্তম জিহাদ, হজ্জে মাবৰূৰ হৈছে যিটো হজ্জ কোৰআন হাদীছ মুতাবিক পালন কৰা হয়, যি হজ্জ গুনাহ আৰু লোকক দেখুওৱা (ৰিয়া)ৰ পৰা মুক্ত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জিহাদ হৈছে পুৰুষৰ বাবে সৰ্বোত্তম আমল।

নাৰীৰ বাবে হজ্জ হৈছে জিহাদতকৈ উত্তম আমল, আনকি আটাইতকৈ উত্তম আমল।

আমলকাৰীৰ ভিন্নতা অনুসৰি আমলৰ ভিতৰত তাৰতম্য তথা মৰ্যাদাগত পাৰ্থক্য থাকে।

হজ্জক জিহাদ হিচাপে নামকৰণ কৰাৰ কাৰণ হৈছে, এইটো হৈছে নফছৰ সৈতে কৰা জিহাদ। ইয়াত সম্পদ ব্যয় কৰিব লাগে, শাৰিৰীক সামৰ্থও প্ৰয়োজন হয়। গতিকে এইটো হৈছে আল্লাহৰ পথত জিহাদ কৰাৰ দৰে শাৰিৰীক আৰু আৰ্থিক ইবাদত।

সম্পাদক

ছহীহ বুখাৰী (2/ 133) (1520).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 402).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (2/ 902).

شرح رياض الصالحين.

لابن عثيمين (5/ 321).