Skip to content

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।

ইমৰাণ বিন হুচাইন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"

جَاءَ رَجُلٌ إِلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: السَّلَامُ عَلَيْكُمْ، فَرَدَّ عَلَيْهِ ثُمَّ جَلَسَ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «عَشْرٌ» ثُمَّ جَاءَ آخَرُ فَقَالَ: السَّلَامُ عَلَيْكُمْ وَرَحْمَةُ اللَّهِ، فَرَدَّ عَلَيْهِ فَجَلَسَ، فَقَالَ: «عِشْرُونَ» ثُمَّ جَاءَ آخَرُ فَقَالَ: السَّلَامُ عَلَيْكُمْ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، فَرَدَّ عَلَيْهِ فَجَلَسَ، فَقَالَ: «ثَلَاثُونَ».

আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ছালাম কৰিলে, "আচ্ছালামু আলাইকুম।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এওঁৰ বাবে দহটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তি আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে বিশটা নেকী লিপিবদ্ধ কৰা হৈছে। ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি এইদৰে ছালাম কৰিলেঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহি পৰিল। ইয়াৰ পিছত তেখেতে ক'লেঃ এওঁৰ বাবে ত্ৰিশটা নেকী লিপিবদ্ধ কৰা হৈছে। অৰ্থাৎ প্ৰতিটো শব্দৰ বিপৰীতে দহটাকৈ নেকী।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আগমণকাৰী ব্যক্তিয়ে বহি থকা লোকসকলক ছালাম কৰিব লাগে।

ছালামৰ শব্দ বৃদ্ধি হোৱাৰ লগতে ছোৱাবো বৃদ্ধি হয়।

ছালামৰ পূৰ্ণাংগ ৰূপ হৈছে এইদৰে ছালাম কৰাঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। এইদৰে ছালামৰ সৰ্বোত্তম উত্তৰ হৈছেঃ ওৱা আলাইকুমুচ্ছালাম অৰামাতুল্লাহি অবাৰাকাতুহ।

ছালামৰ বিভিন্ন পৰ্যায় আছে, আৰু ইয়াৰ প্ৰতিদানো বিভিন্ন পৰ্যায়ৰ।

মানুহক সৰ্বোত্তম বিষয়টো শিকাব লাগে, আৰু সৰ্বোত্তমটো গ্ৰহণ কৰিবলৈ সতৰ্ক কৰিব লাগে।

ইবনু হাজাৰে কৈছেঃ যদি প্ৰথমে ছালাম কৰা ব্যক্তিয়ে অৰাহমাতুল্লাহ বৃদ্ধি কৰে, তেন্তে মুস্তাহাব হৈছে অবাৰাকাতুহ বৃদ্ধি কৰি উত্তৰ দিয়া। কিন্তু যদি অবাৰাকাতুহ বৃদ্ধি কৰে তেন্তে ইয়াতকৈ অধিক বৃদ্ধি কৰা বৈধ হ'বনে? অথবা ছালামকাৰীয়েই যদি অবাৰাকাতুহুৰ লগত কিবা বৃদ্ধি কৰে তেন্তে সেইটো বৈধ হ'বনে? (তেন্তে ইয়াৰ উত্তৰ হৈছে) ইমাম মালিক ৰাহিমাহুল্লাহে মুআত্তা গ্ৰন্থত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণনা কৰিছে যে, ছালামৰ অন্তিম শব্দ হৈছে অবাৰাকাতুহ।

সম্পাদক

ছুনান আবি দাঊদ (7/ 491) (5195).

ছুনান তিৰমিজী (4/ 420) (2689).

মুছনাদ আহমদ (33/ 170) (19948).

অধিক (8)

كنوز رياض الصالحين.

لمجموعة من الباحثين (11/ 246).

بهجة الناظرين.

لسليم الهلالي (3/ 132).

نزهة المتقين.

لمجموعة من الباحثين (1/ 663).

شرح رياض الصالحين.

لابن عثيمين (4/ 399).