Skip to content

‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম

উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম। লগতে ৰাষ্ট্র নেতাৰ ক্ষমতা হৰণ কৰিবলৈ আমি তেওঁৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ নকৰোঁ ; কিন্তু যদি তেওঁৰ মাজত প্রকাশ্য কুফৰী দেখা পাওঁ সেয়া সুকীয়া বিষয়। এইদৰে আমি সদায় সত্য কথা কম, লগতে আমি আল্লাহৰ বিষয়ে কোনো নিন্দাকাৰীৰ নিন্দাক ভয় নকৰোঁ।

بَايَعْنَا رسولَ اللهِ صلى الله عليه وسلم على السَّمْعِ وَالطَّاعَةِ فِي الْعُسْرِ وَالْيُسْرِ، وَالْمَنْشَطِ وَالْمَكْرَهِ، وعلى أَثَرَةٍ علينا، وعلى أَلَّا نُنَازِعَ الْأَمْرَ أهلَه، وعلى أَنْ نَقُولَ بِالْحَقِّ أينما كُنَّا، لا نَخَافُ في الله لَوْمَةَ لَائِمٍ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ পৰা এই বিষয়ত বাইআত লৈছে যে, স্বাভাৱিক সময়তো আৰু কঠিন সময়তো, লগতে স্বচ্ছল অৱস্থাতো আৰু অভাৱ-অনাটনৰ সময়তো ৰাষ্ট্ৰনেতা তথা প্ৰশাসনৰ আনুগত্য কৰিব লাগিব। যদিও তেওঁলোকৰ আদেশ-নিষেধ পছন্দ হওক বা নহওক। যদিও শাসকসকলে ৰাজহুৱা সম্পদ, পদ বা আন কোনো ধৰণৰ বস্তু দখল কৰি লয়। তেওঁলোকৰ প্ৰতিটো সঠিক নিৰ্দেশনা মানি লোৱা অনিবাৰ্য। তেওঁলোকৰ বিৰুদ্ধে কাজিয়া কৰা উচিত নহয়, কাৰণ শাসকৰ বিৰুদ্ধে কৰা কাজিয়াৰ পৰিণতি অতি ভয়াৱহ, ইয়াৰ ক্ষতিৰ পৰিমাণ আটাইতকৈ ডাঙৰ। তেওঁলোকে এই ক্ষেত্ৰতো বাইআত লৈছিল যে, তেওঁলোকে আল্লাহৰ উদ্দেশ্য নিষ্ঠা সহকাৰে সকলো সময়তে উচিত তথা হক কথা ক'ব, এই ক্ষেত্ৰত তেওঁলোকে কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনাক কেৰেপ নকৰিব তথা ভয় নকৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

শাসকৰ আনুগত্যক অনিবাৰ্য কৰাৰ উদ্দেশ্য হৈছে মুছলিমসকলক এটা প্লেটফৰ্মত একত্ৰিত কৰা আৰু বহুধাবিভক্তিৰ পৰা ৰক্ষা কৰা।

আল্লাহৰ অবাধ্যতা নোহোৱাকৈ সুখে দুখে, পছন্দ অপছন্দ আদি সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰনেতাৰ আনুগত্য কৰা অনিবাৰ্য। আনকি সিহঁতে যদি ৰাজহুৱা সম্পত্তিত প্ৰজাতকৈ নিজকে প্ৰাধান্য দিয়ে তথাপিও আনুগত্য কৰা ওৱাজিব।

কোনো ভয়-ভ্ৰূক্ষেপ নকৰাকৈ আমি য'তেই নাথাকো কিয় সদায় সত্য কথা কোৱা ওৱাজিব।

সম্পাদক

ছহীহ বুখাৰী (9/ 47) (7055-7056).

(9/ 77) (7199.

7200).

ছহীহ মুছলিম (3/ 1470) (1709).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 277).

رياض الصالحين.

للنووي (ص83) (186).

شرح رياض الصالحين.

لابن عثيمين (2/ 419).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 202).