Skip to content

আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল। চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয় নেকি? তেখেতে ক'লেঃ "আল্লাহৰ পথত যুদ্ধ কৰাও ইয়াতকৈ উত্তম নহয়। কিন্তু যদি কোনোবাই সশৰীৰে নিজৰ ধন-সম্পদ লৈ যুদ্ধ ক্ষেত্ৰলৈ ওলায় যায় আৰু একোৱেই যদি উভতি নাহে তেন্তে তাৰ বিষয়টো সুকীয়া।"

«ما مِنْ أيَّامٍ العمَلُ الصَّالِحُ فيها أحبُّ إلى اللهِ مِن هذه الأيام» يعني أيامَ العشر، قالوا: يا رسُولَ الله، ولا الجهادُ في سبيلِ الله؟ قال: «ولا الجهادُ في سبيلِ الله، إلا رجلٌ خَرَجَ بنفسِه ومالِه فلم يَرْجِعْ من ذلك بشيءٍ».

বুখাৰী, আবু দাঊদ, হাদীছৰ শব্দবোৰ আবু দাঊদৰ পৰা সংগৃহীত।
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, বছৰৰ অন্যান্য দিনৰ তুলনাত জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল আটাইতকৈ উত্তম। এই কথা শুনি চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, বছৰৰ অন্যান্য দিনত কৰা জিহাদ বেছি উত্তম নে এই দহ দিনত কৰা নেক আমল বেছি উত্তম? তেওঁলোকে প্ৰশ্নটো এই কাৰণে কৰিছিল যে, তেওঁলোকে জিহাদক আটাইতকৈ উত্তম আমল বুলি গণ্য কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লে যে, অন্যান্য দিনত জিহাদ কৰাতকৈও এই দহ দিনৰ আমল অধিক উত্তম। কিন্তু যদি কোনোবাই সশৰীৰে নিজৰ ধন-সম্পদলৈ যুদ্ধ ক্ষেত্ৰলৈ ওলাই যায় আৰু যুদ্ধত সকলো সম্পদ ব্যয় কৰি নিজে শ্বহীদ হৈ যায় তেন্তে তাৰ বিষয়টো সুকীয়া। এতেকে কেৱল এই আমলটোৱে হৈছে এই দহ দিনত কৰা আমলতকৈ উত্তম।

শব্দাৰ্থ

الجهاد: هو مقاتلة الكفار لإبلاغ دين الله تعالى للناس أو للدفاع عن الإسلام وأهله.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত জুলহিজ্জা মাহৰ প্ৰথম দহ দিনত কৰা আমলৰ গুৰুত্ব বৰ্ণিত হৈছে। গতিকে প্ৰতিজন মুছলিমৰ কৰ্তব্য হৈছে এই দিন কেইটাৰ সদ্ব্যৱহাৰ কৰা আৰু ইয়াত বেছি বেছি নেক কৰ্ম কৰা। যেনে- আল্লাহৰ জিকৰ-আজকাৰ কৰা, কোৰআন তিলাৱত কৰা, তাকবীৰ কোৱা (অৰ্থাৎ আল্লাহু আকবাৰ কোৱা) তাহলীল পাঠ কৰা (অৰ্থাৎ ছুবহানাল্লাহ পাঠ কৰা) আৰু তাহমীদ পাঠ কৰা (অৰ্থাৎ আল্লাহৰ প্ৰশংসা কৰা), চালাত আদায় কৰা, চাদাক্বাহ কৰা, ৰোজা ৰখা, আনকি সকলো প্ৰকাৰ নেক কৰ্ম কৰা।

সম্পাদক

ছহীহ বুখাৰী (2/ 20) (969).

ছুনান আবি দাঊদ (4/ 102) (2438).

অধিক (12)

فتح الباري بشرح صحيح البخاري.

لابن حجر (2/ 459).

تطريز رياض الصالحين.

لفيصل آل المبارك (ص699).

شرح رياض الصالحين.

لابن عثيمين (5/ 301).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (1/ 884).

كنوز رياض الصالحين.

لمجموعة من الباحثين (15/ 234).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 382).