তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ (গোত্ৰ)ৰ আহত ব্যক্তিক ক'লেঃ "তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।"
قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِلْأَشَجِّ أَشَجِّ عَبْدِ الْقَيْسِ: «إِنَّ فِيكَ خَصْلَتَيْنِ يُحِبُّهُمَا اللهُ: الْحِلْمُ، وَالْأَنَاةُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ গোত্ৰৰ আহত দলপতি মুনজিৰ ইবনু আয়েজ ৰাদ্বিয়াল্লাহু আনহুক কৈছিল যে, তোমাৰ মাজত এনেকুৱা দুটা বৈশিষ্ট্য আছে, যিটোক আল্লাহে ভাল পায়। সেই বৈশিষ্ট্য দুটা হৈছেঃ সহনশীল বুদ্ধিমত্তা তথা গাম্ভীৰ্যতা আৰু ধীৰ স্থিৰতা।
ধৈৰ্য্য আৰু সহনশীলতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
যিকোনো বিষয়ৰ পৰিণতি সম্পৰ্কে পৰীক্ষা নিৰীক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছে।
সহনশীলতা আৰু ধীৰস্থিৰতা হৈছে এটা প্ৰশংসনীয় গুণ।
আল্লাহে মানুহক যি সৎ চৰিত্ৰ প্ৰদান কৰি সৃষ্টি কৰিছে, তাৰ বাবে মানুহে আল্লাহৰ প্ৰশংসা কৰা উচিত।
আশ্বাজ্জ শব্দটোৰ অৰ্থ হৈছে, এনেকুৱা ব্যক্তি যিয়ে মুখত আঘাতপ্ৰাপ্ত হৈছে, অথবা মূৰত নাইবা কপালত।
ছহীহ মুছলিম (1/ 48) (17).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 681).
تطرز رياض الصالحين.
لفيصل آل مبارك (ص414).
المنهاج شرح صحيح مسلم بن الحجاج.
للنووي (1/ 189).