Skip to content

দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।"

«دِينَارٌ أَنْفَقْتَهُ فِي سَبِيلِ اللهِ، وَدِينَارٌ أَنْفَقْتَهُ فِي رَقَبَةٍ، وَدِينَارٌ تَصَدَّقْتَ بِهِ عَلَى مِسْكِينٍ، وَدِينَارٌ أَنْفَقْتَهُ عَلَى أَهْلِكَ أَعْظَمُهَا أَجْرًا الَّذِي أَنْفَقْتَهُ عَلَى أَهْلِكَ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ব্যয়ৰ কেইটামান শিতান উল্লেখ কৰি কৈছে যে, যিটো দীনাৰ তুমি আল্লাহৰ পথত জিহাদৰ বাবে ব্যয় কৰিছা, এইদৰে যিটো দীনাৰ তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু যিটো দীনাৰ তুমি অভাৱী মিছকিনক দান কৰিছা, আৰু যিটো দীনাৰ তুমি নিজৰ পৰিয়ালবৰ্গ তথা সন্তান-সন্ততিৰ ওপৰত ব্যয় কৰিছা, ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, এই সকলোবোৰ শিতানৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটো ব্যয়ৰ যিটো ব্যয় তুমি তোমাৰ পৰিয়ালবৰ্গ আৰু সন্তান-সন্ততিৰ ওপৰত কৰিছা, আৰু যিটো তুমি তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ কৰিছা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আল্লাহৰ পথত ব্যয় কৰাৰ বিভিন্ন শিতান আছে।

সামুহিক ব্যয়ৰ ক্ষেত্ৰত যিটো বেছি গুৰুত্বপূৰ্ণ সেইটোক অগ্ৰাধিকাৰ দিয়া উচিত, এইদৰে সীমিত আয়ৰ ক্ষেত্ৰত আটাইবোৰ শিতানত ব্যয় কৰিব নোৱাৰিলে পৰিয়ালবৰ্গক অগ্ৰাধিকাৰ দিব লাগে।

ইমাম নাৱাৱীয়ে মুছলিমৰ ব্যাখ্যা গ্ৰন্থত লিখিছে যে, হাদীছটোৰ দ্বাৰা পৰিয়ালবৰ্গৰ ওপৰত ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে ইয়াৰ মহা ছোৱাবৰ বৰ্ণনা আহিছে। কিয়নো ইয়াৰ মাজত কিছুমান এনেকুৱা আছে, যিসকলৰ ওপৰত আত্মীয়তাৰ কাৰণে ব্যয় কৰা অনিবাৰ্য্য। কিছুমানৰ ওপৰত ব্যয় কৰাটো উত্তম, ইয়াৰ দ্বাৰা দান হয় আৰু সম্পৰ্ক মজবুত হয়। এইদৰে কিছুমানৰ ওপৰত নিকাহৰ কাৰণে অথবা দাসী হোৱাৰ কাৰণে ব্যয় কৰাটো অনিবাৰ্য্য। এইবোৰ হৈছে অত্যন্ত প্ৰশংসনীয় আৰু এইবোৰৰ প্ৰতি উৎসাহিত কৰা হৈছে। লগতে এইবোৰ নফল চাদাক্বাতকৈও উত্তম।

ছিন্ধী ৰাহিমাহুল্লাহে হাদীছৰ এই বাক্যটো (دينار ينفقه على عياله) সম্পৰ্কে কৈছেঃ ইয়াৰ ছোৱাব তেতিয়াহে লাভ হয়, যেতিয়া একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ নিয়্যত কৰি ব্যয় কৰা হয় আৰু পৰিয়ালৰ হক আদায় কৰিবলৈ খৰচ কৰা হয়।

আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ অধিক ছোৱাব আৰুনো কোনে লাভ কৰিব? যিয়ে নিজৰ পৰিয়ালৰ সৰু সৰু লৰা-ছোৱালীক পোহপাল দিয়ে, সিহঁতক সুৰক্ষা প্ৰদান কৰে, অথবা আল্লাহে তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সমৃদ্ধ কৰে।

সম্পাদক

ছহীহ মুছলিম (2/ 692) (995).

অধিক (8)

شرح رياض الصالحين.

لابن عثيمين (3/ 156).

نزهة المتقين بشرح رياض الصالحين.

لمجموعة من الباحثين (1/ 291).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 374).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص209).