Skip to content

যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিম।

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিম।

«مَنْ يَضْمَنْ لِي مَا بَيْنَ لَحْيَيْهِ وَمَا بَيْنَ رِجْلَيْهِ أَضْمَنْ لَهُ الْجَنَّةَ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যদি এজন মুছলিমে এই দুটা বস্তুক সুৰক্ষিত ৰাখে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব। প্ৰথমটো হৈছে, এনেকুৱা কথাৰ পৰা জিভাক সুৰক্ষিত ৰখা, যি কথা ক'লে আল্লাহ অসন্তুষ্ট হয়। দ্বিতীয়টো হৈছে, অশ্লীলতাত লিপ্ত হোৱাৰ পৰা লজ্জাস্থানক সুৰক্ষিত ৰখা। কাৰণ এই দুটা অংগৰ জৰিয়তেই অধিক গুনাহ সংঘটিত হয়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জিভা আৰু লজ্জাস্থানক হিফাজত কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়।

জিভা আৰু লজ্জাস্থানক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, দুনিয়া আৰু আখিৰাতত এই দুটাই হৈছে মানুহৰ বিপদৰ আটাইতকৈ ডাঙৰ উৎস।

সম্পাদক

ছহীহ বুখাৰী (8/ 100) (6474).

অধিক (11)

بهجة الناظرين شرح رياض الصالحين.

تأليف سليم الهلالي (3/ 9).

نزهة المتقين شرح رياض الصالحين.

تأليف د.

مصطفى الخِن وغيره (2/ 1035).

كنوز رياض الصالحين.

لمجموعة من الباحثين (18/ 85).

شرح رياض الصالحين.

لابن عثيمين (6/ 117).

إرشاد الساري لشرح صحيح البخاري.

للقسطلاني (9/ 272).