আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
«رَحِمَ اللهُ رَجُلًا سَمْحًا إِذَا بَاعَ، وَإِذَا اشْتَرَى، وَإِذَا اقْتَضَى».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ বাবে ৰহমতৰ দুআ কৰিছে যিয়ে কিনা বেচাত উদাৰতা, নম্ৰতা আৰু ভদ্ৰতা অৱলম্বন কৰে। বস্তুৰ দামকলৈ কিনোতাৰ প্ৰতি কোনো কঠোৰতা অৱলম্বন নকৰে, লগতে উত্তম ব্যৱহাৰ কৰে। কিনোতায়ো নম্ৰতা, ভদ্ৰতা আৰু উদাৰতাৰ পৰিচয় দিয়ে, উচিত মূল্যতকৈ কম কৰাৰ চেষ্টা নকৰে। এইদৰে সেই ব্যক্তিৰ বাবেও ৰহমতৰ দুআ কৰিছে, যিয়ে ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত নম্ৰতা, ভদ্ৰতা আৰু উদাৰতাৰ পৰিচয় দিয়ে। অভাৱী ঋণগ্ৰস্ত ব্যক্তিৰ প্ৰতি হেঁচা প্ৰয়োগ নকৰে, বৰং নম্ৰতাৰে শালীন বাক্যৰে ঋণ ঘূৰাই বিচাৰে আৰু কঠিন অৱস্থাত থকা ব্যক্তিক অৱকাশ দিয়ে।
...:
চৰীয়তৰ উদ্দেশ্য হৈছে মানুহৰ মাজত থকা সুসম্পৰ্কক সুৰক্ষিত ৰখা।
মানুহৰ লগত লেনদেন আৰু কিনা বেচা আদিৰ ক্ষেত্ৰত উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছহীহ বুখাৰী (3/ 57) (2076).
অধিক (7)
نزهة المتقين (2/ 944).
كنوز رياض الصالحين.
لمجموعة من الباحثين (16/ 386).
منار القاري.
لحمزة محمد قاسم (3/ 258).
شرح رياض الصالحين.
لابن عثيمين (5/ 405).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“رحم الله رجلا سمحا إذا باع، وإذا اشترى، وإذا اقتضى”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 6«رَحمَ اللهُ رَجُلاً سَمْحاً إذَا باع، وإذا اشْتَرَىٰ، وإذَا اقْتَضَىٰ».
- مجموعة زاد التربية الإسلامية (3)، والسيرة النبوية (3)التربية الإٍسلامية -3- «رَحِمَ اﷲُ رَجُلًا سَمْحًا إِذَا بَاعَ، وَإِذَا اشْتَرَى، وَإِذَا اقْتَضَى»
- نبراس طالب (1)1«رَحِمَ اللهُ رَجُلًا سَمْحًا إِذَا بَاعَ، وَإِذَا اشْتَرَى، وَإِذَا اقْتَضَى»