লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব, তাৰ বাবে দহটা দাস মুক্ত কৰাৰ সমপৰিমাণ ছোৱাব আছে। লগতে তাৰ বাবে এশটা ছোৱাব লিপিবদ্ধ কৰা হ'ব আৰু এশটা গুনাহ মোচন কৰা হ'ব। লগতে সেইদিনা তাক সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষিত থকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। সেই ব্যক্তিয়ে যিটো আমল কৰিছে, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে ইয়াতকৈও অধিক আমল কৰিছে।"
«مَنْ قَالَ: لاَ إِلَهَ إِلَّا اللَّهُ، وَحْدَهُ لاَ شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، فِي يَوْمٍ مِائَةَ مَرَّةٍ، كَانَتْ لَهُ عَدْلَ عَشْرِ رِقَابٍ، وَكُتِبَتْ لَهُ مِائَةُ حَسَنَةٍ، وَمُحِيَتْ عَنْهُ مِائَةُ سَيِّئَةٍ، وَكَانَتْ لَهُ حِرْزًا مِنَ الشَّيْطَانِ يَوْمَهُ ذَلِكَ حَتَّى يُمْسِيَ، وَلَمْ يَأْتِ أَحَدٌ بِأَفْضَلَ مِمَّا جَاءَ بِهِ إِلَّا أَحَدٌ عَمِلَ أَكْثَرَ مِنْ ذَلِكَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে এইটো পাঠ কৰিবঃ আল্লাহৰ বাহিৰে কোনো সত্য ইলাহ (পূজ্য) নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই – তেওঁৰ উলুহিয়্যতত (উপাসনাত), ৰবুবিয়্যতত (প্ৰভুত্বত), লগতে তেওঁৰ নাম আৰু গুণাৱলীত। ৰাজত্ব একমাত্ৰ তেওঁৰেই, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা কেৱল তেওঁৰেই। সকলো সৃষ্টি আৰু তাকদীৰ (ভাগ্য নিৰ্ধাৰণ)ৰ বাবে প্ৰশংসা কেৱল তেওঁৰেই। তেওঁ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান, কোনো বাধা প্ৰদানকাৰী নাই বা প্ৰতিহত কৰিব পৰাও কোনো নাই। তেওঁ যিটো ইচ্ছা নকৰে, সেইটো কেতিয়াও নহয়। যিয়ে এইটো দৈনিক ১০০ বাৰ পাঠ কৰে, আল্লাহৰ ওচৰত তেওঁৰ বাবে ১০ জন দাস মুক্ত কৰাৰ সমান ছোৱাব লিখা হয়, লগতে ১০০টা নেকী (পুণ্য) লিপিবদ্ধ কৰা হয় আৰু জান্নাতত মৰ্যাদা উন্নীত কৰা হয়। এইদৰে ১০০টা গুনাহ মোচন কৰা হয়, তথা হ্ৰাস কৰা হয়। লগতে এইটো তাৰ বাবে সেই দিনা সূৰ্য্য অস্ত যোৱালৈকে চয়তানৰ প্ৰলোভন, আধিপত্য আদিৰ পৰা সুৰক্ষা, হিফাজত আৰু নিৰাপত্তা তথা দুৰ্গৰ কাম কৰিব। কিয়ামতৰ দিনা এই ব্যক্তিজনে যি লৈ আহিব, তাতকৈ উত্তম বস্তু বেলেগ কোনেও নানিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে ইয়াতকৈও বেছি আমল কৰিছে।
কলিমা তাওহীদৰ ফজীলত আৰু ইয়াৰ মহা প্ৰতিদান।
বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ অনুগ্ৰহ অসীম। কাৰণ তেওঁ সকলোৰে বাবে সহজ জিকিৰৰ বিধান দিছে, আৰু ইয়াৰ বাবে মহাপুৰস্কাৰৰ ব্যৱস্থা কৰিছে।
যদি কোনোবাই এই জিকৰটো ১০০তকৈ অধিক বাৰ পাঠ কৰে, তেন্তে সেই ব্যক্তিয়ে হাদীছত উল্লিখিত ১০০ বাৰৰ ছোৱাব পোৱাৰ উপৰিও বাকী যিমান বাৰ পঢ়িছে তাৰ বাবে অতিৰিক্ত ছোৱাব লাভ কৰিব। এই সংখ্যাটো এটা নিৰ্দিষ্ট সীমা নহয় যিটোক অতিক্ৰম কৰিব পৰা নাযাব, বৰং ইয়াতকৈ অধিক পঢ়াত কোনো বাধা নাই আৰু ইয়াৰ কোনো ফজীলতো কমি নাযায়।
ইমাম নাৱাৱীয়ে কৈছে: হাদীছটোৰ প্ৰকাশ্য বৰ্ণনাই এইটো স্পষ্ট কৰে যে, যিয়ে দৈনিক ১০০ বাৰ এই জিকিৰটো পাঠ কৰিব, একেলগে পঢ়ক বা বিভিন্ন সময়ত পঢ়ক, ৰাতিপুৱা আৰু আবেলি মিলি এশ বাৰ পঢ়ক, তেওঁ উক্ত ছোৱাব লাভ কৰিব। কিন্তু উত্তম হৈছে ৰাতিপুৱাই একেলগে সম্পূৰ্ণ পাঠ কৰা, যাতে গোটেই দিনটো ইয়াৰ ফলত তেওঁৰ বাবে সুৰক্ষাৰ কাৰণ হয়।
ছহীহ বুখাৰী (4/ 126) (3293).
ছহীহ মুছলিম (4/ 2071) (2691).
অধিক (2)
إرشاد الساري لشرح صحيح البخاري (5/ 300).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (42/ 136).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (6)
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«مَنْ قَالَ: لَا إِلَهَ إِلَّا اللهُ، وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، فِي يَوْمٍ مِئَةَ مَرَّة؛ كَانَتْ لَهُ عَدْلَ عَشْرِ رِقَابٍ، وَكُتِبَتْ لَهُ مِئَةُ حَسَنَةٍ، وَمُحِيَتْ عَن
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«مَنْ قَالَ: لَا إِلَهَ إِلَّا اللهُ، وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، فِي يَوْمٍ مِائَةَ مَرَّةٍ؛ كَانَتْ لَهُ عَدْلَ عَشْرِ رِقَابٍ، وَكُتِبَتْ لَهُ مِائَةُ حَسَنَةٍ، وَمُحِيَتْ
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“من قال: (لا إله إلا الله، وحده لا شريك له، له الملك، وله الحمد، وهو على كل شيء قدير) في يوم مائة مرة، كانت له عدل عشر رقاب، وكتبت له مائة حسنة، ومحيت عنه مائة سيئة، وكانت له حرزا من الشيطان يومه ذلك حتى يمسي، ولم يأت أحد بأفضل مما جاء به،
- من الأحكام الفقهية في الطهارة والصلاة والجنائز«لَا إِلَهَ إِلَّا اللهُ، وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ، وَلَهُ الْحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ»[49].
- منهج إعداد الدعاةالمفردة الثالثة - الشهادتان ومعناهما"من قال: لا إله إلا الله، دخل الجنة"
- نبراس طالب (2)نبراس طالب (2) «سبحان الله، والحمد لله، والله أكبر»، ثلاثًا وثلاثين، وإتمام المئة بـ: «لا إله إلا الله، وحده لا شريك له، له الملك وله الحمد، وهو على كل شيء قدير».