Skip to content

যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।

আবু আবছ আব্দুৰ ৰহমান বিন জাব্ৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।"

«مَا اغْبَرَّتْ قَدَمَا عَبْدٍ فِي سَبِيلِ اللَّهِ فَتَمَسَّهُ النَّارُ».

(বুখাৰী)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, আল্লাহৰ পথত যুদ্ধ কৰিবলৈ যোৱা ব্যক্তিৰ ভৰিত ধূলি বালি লাগিলে, সেই ব্যক্তিক জাহান্নামৰ জুয়ে নুচুব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত আল্লাহৰ পথত যুদ্ধ কৰা ব্যক্তিক সুসংবাদ দিয়া হৈছে যে, তেওঁ জাহান্নামৰ জুইৰ পৰা সুৰক্ষিত থাকিব।

হাদীছটোত বিশেষকৈ দুই ভৰিৰ কথা উল্লেখ কৰা হৈছে, যদিও ধূলি বালি শৰীৰৰ যিকোনো অংশত লাগিলেই হ'ল। ইয়াত নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, সেই সময়ছোৱাত বেছিভাগ যোদ্ধা খোজকাঢ়ি গৈছিল, সেয়ে ভৰিৰ কথা কোৱা হৈছে, খোজকাঢ়ি গ'লে ভৰিত ধূলি বালি লাগিবই।

ইবনে হাজাৰে কৈছেঃ কেৱল ভৰিত ধূলি বালি লাগিলেই যদি জাহান্নাম হাৰাম হৈ পৰে, তেন্তে ভাবি চাওকচোন যিয়ে পূৰ্ণ প্ৰচেষ্টাৰ সৈতে মনে প্ৰাণে সংগ্ৰাম কৰে আৰু নিজৰ সকলো শক্তি সামৰ্থ ব্যয় কৰে তাৰ ছোৱাব কি হ'ব পাৰে।

সম্পাদক

ছহীহ বুখাৰী (4/ 20) (2811).

(2/ 7) (907).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 424).

التنوير شرح الجامع الصغير.

للصنعاني (7/ 361).

فيض القدير شرح الجامع الصغير.

للمناوي (5/ 437).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 911).