Skip to content

ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ পাঠ কৰাটো মোৰ ওচৰত সেইবোৰ বস্তুতকৈও অধিক পছন্দনীয়, যিবোৰ বস্তুৰ ওপৰত সূৰ্য্য উদয় হয়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ পাঠ কৰাটো মোৰ ওচৰত সেইবোৰ বস্তুতকৈও অধিক পছন্দনীয়, যিবোৰ বস্তুৰ ওপৰত সূৰ্য্য উদয় হয়।

«لَأَنْ أَقُولَ: سُبْحَانَ اللهِ، وَالْحَمْدُ لِلهِ، وَلَا إِلَهَ إِلَّا اللهُ، وَاللهُ أَكْبَرُ، أَحَبُّ إِلَيَّ مِمَّا طَلَعَتْ عَلَيْهِ الشَّمْسُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এই গুৰুত্বপূৰ্ণ বাক্য কেইটাৰ জৰিয়তে আল্লাহক স্মৰণ কৰাটো দুনিয়া আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম। সেই শব্দ কেইটা আৰু তাৰ ভাৱাৰ্থ হৈছে যেনে- "ছুবহা-নাল্লাহ": অৰ্থাৎ মহান আল্লাহ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। আলহাম্দুলিল্লাহঃ অৰ্থাৎ সন্মান আৰু মুহাব্বত সহকাৰে পূৰ্ণাংগ গুণাৱলী আৰু সকলো প্ৰকাৰ প্ৰশংসাৰ অধিকাৰী একমাত্ৰ মহান আল্লাহ। "লা ইলাহা ইল্লাল্লাহঃ" অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "আল্লাহু আকবাৰঃ" অৰ্থাৎ আল্লাহ সকলোতকৈ মহান, সৰ্বোচ্চ।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। এইটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টিত পৃথিৱীৰ সকলো বস্তুতকৈ পছন্দনীয়।

বেছি বেছি জিকৰ-আজকাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ ইয়াত ছোৱাব আৰু প্ৰতিদানৰ মাত্ৰা অধিক।

পাৰ্থিৱ ভোগ-সামগ্ৰী অতি তুচ্ছ, আৰু ইয়াৰ চাহিদা ধ্বংসশীল তথা ক্ষণস্থায়ী।

সম্পাদক

ছহীহ মুছলিম (4/ 2072) (2695).

অধিক (8)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 496).

شرح رياض الصالحين.

لابن عثيمين (5/ 485).

نزهة المتقين شرح رياض الصالحين.

لمصطفى الخِن وغيره (2/ 970).

تطريز رياض الصالحين.

لفيصل آل المبارك (ص772).