যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে ৰোজা অৱস্থাত ভুলবশতঃ কিবা খাইছে অথবা সেৱন কৰিছে, সি ৰোজা পূৰ্ণ কৰা উচিত। কাৰণ আল্লাহেই তাক খুৱাইছে আৰু পান কৰোৱাইছে।"
«مَنْ نَسِيَ وَهُوَ صَائِمٌ، فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللهُ وَسَقَاهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যদি কোনো ব্যক্তিয়ে ৰোজা অৱস্থাত ফৰজ ৰোজা হওক বা নফল ৰোজা, ভুলতে কিবা খায় বা পান কৰে তেন্তে তাৰ সেই ৰোজা ভংগ নহ'ব বৰং সি সেই ৰোজাটো পূৰ্ণ কৰা উচিত। কিয়নো সি ইচ্ছাকৃতভাৱে ভংগ কৰা নাই। এইটো হৈছে এনেকুৱা এটা জীৱিকা, যিটো আল্লাহে বান্দাৰ বাবে যোগান ধৰিছে তথা তাক খুৱাইছে আৰু পান কৰোৱাইছে।
ভুলতে তথা পাহৰি ৰোজা অৱস্থাত কিবা খালে ৰোজা ভংগ নহয়।
ভুলতে অথবা পাহৰি কিবা খালে বা পান কৰিলে গুনাহ নহয়। কাৰণ এইটো তাৰ অধীনত নহয়।
মহান আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত দয়ালু পৰম কৰুণাশীল। তেওঁ সিহঁতৰ পথ সহজ কৰি দিয়ে আৰু বিপদ-আপদ তথা কঠিনতা দূৰ কৰে।
ৰোজা ভংগ হ'বলগীয়া বস্তুৰ দ্বাৰা ৰোজাদাৰৰ ৰোজা তেতিয়াহে ভংগ হয় যেতিয়া এই তিনিটা চৰ্তৰ যিকোনো এটা তাত পোৱা যায়। ১- জানি বুজি ৰোজা ভংগ হ'বলগীয়া বস্তু ব্যৱহাৰ কৰা। যদি অজ্ঞতাবশতঃ হয় তেন্তে ৰোজা ভংগ নহ'ব। ২- ইচ্ছাকৃতভাৱে ৰোজা ভংগ হ'বলগীয়া বস্তু ব্যৱহাৰ কৰা, কিন্তু যদি পাহৰি কৰে তেন্তে ৰোজা শুদ্ধ হ'ব আৰু ইয়াৰ কাজা কৰিব নালাগে। ৩- যদি স্বেচ্ছাই কৰে, তেন্তে ৰোজা ভংগ হ'ব, জোৰজবৰদস্তি কৰিলে ৰোজা ভংগ নহ'ব, কাৰণ এইটো হৈছে তাৰ সাধ্যাতীত।
ছহীহ বুখাৰী (3/ 31) (1933).
ছহীহ মুছলিম (2/ 809) (1155).
অধিক (6)
تيسير العلام.
لعبد الله البسام (ص319).
تنبيه الأفهام شرح عمدة الأحكام.
لابن عثيمين (3/ 422).
خلاصة الكلام على عمدة الأحكام.
لفيصل آل مبارك (ص148).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الصيام ومجموعة أسئلة في أحكامه«مَنْ نَسِيَ وَهُوَ صَائِمٌ فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللهُ وَسَقَاهُ»[35].
- الصيام ومجموعة أسئلة في أحكامه«مَنْ نَسِيَ وَهُوَ صَائِمٌ فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللهُ وَسَقَاهُ»[40].
- الصيام ومجموعة أسئلة في أحكامه«مَنْ نَسِيَ وَهُوَ صَائِمٌ فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللهُ وَسَقَاهُ»[52].
- فصول في الصيام والتراويح والزكاة«مَنْ نَسِيَ وَهُوَ صَائِمٌ فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللهُ وَسَقَاهُ».
- ما لا يسع المسلم جهله«مَن نَسِيَ وَهُوَ صَائِمٌ، فَأَكَلَ أَوْ شَرِبَ، فَلْيُتِمَّ صَوْمَهُ، فَإِنَّمَا أَطْعَمَهُ اللَّهُ وَسَقَاهُ» [51].