Skip to content

হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।

«اللهم لا تجعل قبري وثنًا، لعن الله قومًا اتخذوا قبور أنبيائهم مساجد».

(আহমদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দুআ কৰিছে যে, তেখেতৰ কবৰক যেন মূৰ্তিৰূপে ব্যৱহাৰ কৰা নহয়, মূৰ্তিক যিদৰে মানুহে সন্মান কৰি উপাসনা কৰে, তথা সন্মুখত ৰাখি ছাজদাহ কৰে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে সেইসকল লোকক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰিছে, যিসকলে নবীসকলৰ কবৰক মছজিদ বনাই লৈছে। কিয়নো কবৰক মছজিদত পৰিণত কৰাটো হৈছে তাৰ ইবাদত কৰা আৰু তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

শব্দাৰ্থ

وثنًا: والوثن كل ما عبد من دون الله كالقبور والأشجار والحيطان والأحجار ونحوِها.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নবী আৰু পূণ্যৱান লোকসকলৰ কবৰৰ ক্ষেত্ৰত চৰীয়তৰ সীমা উলংঘা কৰা বিষয়টোৱে আল্লাহৰ বাহিৰে সেই কবৰসমূহক উপাসনা কৰাৰ বাট মুকলি কৰি দিয়ে। গতিকে শ্বিৰ্ক হ'ব পৰা সকলো মাধ্যমৰ পৰা সতৰ্ক থকা অনিবাৰ্য।

কোনো কবৰক সন্মান জনোৱাৰ উদ্দেশ্যে অথবা তাত ইবাদত কৰাৰ উদ্দেশ্য যোৱাটো কেতিয়াও বৈধ নহয়। যদিও সেই কবৰৰ অধিবাসীজন আল্লাহৰ যিমানেই নৈকট্যপ্ৰাপ্ত নহওক কিয়।

কবৰসমূহৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হাৰাম।

কবৰৰ ওচৰত নামাজ আদায় কৰা হাৰাম, তাত মছজিদ থাকক বা নাথাকক। কেৱল সেই ব্যক্তিৰ জানাজা পঢ়িব পাৰি যাৰ জানাজা পঢ়া হোৱা নাছিল।

সম্পাদক

মুছনাদ আহমদ (12/ 314) (7358).

অধিক (12)

فتح المجيد شرح كتاب التوحيد.

لعبد الرحمن التميمي (1/ 434).

القول المفيد على كتاب التوحيد.

لمحمد بن عثيمين (1/ 434).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص178).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص194).

التمهيد لشرح كتاب التوحيد.

لصالح آل الشيخ (ص51).

مشكاة المصابيح.

للتبريزي (1/ 234).