Skip to content

বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি হৈছে আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে, অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি হৈছে আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে, অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"

«السَّاعِي عَلَى الأَرْمَلَةِ وَالمِسْكِينِ، كَالْمُجَاهِدِ فِي سَبِيلِ اللَّهِ، أَوِ القَائِمِ اللَّيْلَ الصَّائِمِ النَّهَارَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে বিধৱা নাৰী অৰ্থাৎ এনেকুৱা নাৰী যাৰ স্বামী মৃত্যুবৰণ কৰিছে, যাৰ পৰিয়াল চলাবলৈ কোনো নাই, তেনেকুৱা নাৰীক সহায়-সহযোগিতা কৰিব, লগতে অসহায় দৰিদ্ৰ লোকৰ কল্যাণৰ হকে কাম কৰিব আৰু আল্লাহৰ ওচৰত ছোৱাব কামনা কৰিব, সেই ব্যক্তিয়ে আল্লাহৰ পথত যুদ্ধ কৰাৰ দৰে ছোৱাব অৰ্জন কৰিব, অথবা ৰাতি ক্লান্ত নোহোৱাকৈ তাহাজ্জুদ পঢ়াৰ দৰে আৰু দিনত ৰোজা পালন কৰা ব্যক্তিৰ দৰে ছোৱাব লাভ কৰিব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

বিপদ-আপদত দূৰ্বলসকলক সহায় কৰিবলৈ আৰু সিহঁতৰ অভাৱ-অনাটনত সিহঁতৰ চাহিদা পূৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।

প্ৰতিটো নেক আমলেই হৈছে ইবাদতৰ অন্তৰ্ভুক্ত। এতেকে বিধৱা আৰু দুখীয়া দৰিদ্ৰক সহায় কৰাটোও হৈছে এক প্ৰকাৰ ইবাদত।

ইবনে হুবাইৰাহ ৰাহিমাহুল্লাহে কৈছে যে, ইয়াৰ অৰ্থ হৈছে আল্লাহে তাক ৰোজাদাৰ, তাহাজ্জুদগুজাৰ আৰু মুজাহিদৰ ছোৱাব একেলগে দান কৰিব। কাৰণ সি বিধৱাক সহায় কৰিছে আৰু এইদৰে অভাৱ-অনাটনত থকা মিছকিনলৈ সহায়ৰ হাত আগবঢ়াইছে, তথা নিজৰ অতিৰিক্ত সম্পদৰ পৰা সিহঁতৰ ওপৰত ব্যয় কৰিছে। গতিকে এইটো হৈছে ৰোজা, তাহাজ্জুদ আৰু জিহাদৰ সমান।

সম্পাদক

ছহীহ বুখাৰী (7/ 62) (5353).

ছহীহ মুছলিম (4/ 2286) (2982).

অধিক (9)

بهجة الناظرين شرح رياض الصالحين.

لسليم بن عيد الهلالي (1/ 351).

تطريز رياض الصالحين.

لفيصل بن عبد العزيز المبارك (ص198).

رياض الصالحين (ص107) (265).

شرح رياض الصالحين.

لابن عثيمين (3/ 99).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (275).