যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ যিয়ে মোৰ অলীৰ সৈতে শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মোৰ বান্দাই মোৰ নৈকট্য লাভ কৰিবলৈ যি যি কৰে, তাৰ ভিতৰত আটাইতকৈ মোৰ প্ৰিয় কামবোৰ হৈছে সেইবোৰ, যিবোৰ মই তাৰ ওপৰত ফৰজ কৰিছোঁ। মোৰ বান্দাই নফল আমলৰ দ্বাৰা মোৰ নৈকট্য লাভ কৰাৰ প্ৰয়াস কৰিয়ে থাকে, অৱশেষত মই তাক মুহাব্বত কৰোঁ। যেতিয়া মই তাক মুহাব্বত কৰিবলৈ লওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখা পায়। হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। ভৰি হৈ যাওঁ, যাৰ দ্বাৰা সি খোজকাঢ়ে। যেতিয়া সি মোৰ ওচৰত কিবা বিচাৰে, মই তাক নিশ্চয় প্ৰদান কৰোঁ। এইদৰে কোনো বস্তুৰ পৰা মোৰ ওচৰত আশ্ৰয় বিচাৰে, অৱশ্যই মই তাক আশ্ৰয় প্ৰদান কৰোঁ। মই বেলেগ কোনো কামতে কেতিয়াও দ্বিধাবোধ নকৰোঁ কিন্তু মুমিনৰ প্ৰাণ হৰণত কৰাত মই দ্বিধাবোধ কৰোঁ। সি মৃত্যুক অপছন্দ কৰে আৰু মই তাক কষ্ট দিবলৈ অপছন্দ কৰোঁ।"
قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ اللَّهَ قَالَ: مَنْ عَادَى لِي وَلِيًّا فَقَدْ آذَنْتُهُ بِالحَرْبِ، وَمَا تَقَرَّبَ إِلَيَّ عَبْدِي بِشَيْءٍ أَحَبَّ إِلَيَّ مِمَّا افْتَرَضْتُ عَلَيْهِ، وَمَا يَزَالُ عَبْدِي يَتَقَرَّبُ إِلَيَّ بِالنَّوَافِلِ حَتَّى أُحِبَّهُ، فَإِذَا أَحْبَبْتُهُ: كُنْتُ سَمْعَهُ الَّذِي يَسْمَعُ بِهِ، وَبَصَرَهُ الَّذِي يُبْصِرُ بِهِ، وَيَدَهُ الَّتِي يَبْطِشُ بِهَا، وَرِجْلَهُ الَّتِي يَمْشِي بِهَا، وَإِنْ سَأَلَنِي لَأُعْطِيَنَّهُ، وَلَئِنِ اسْتَعَاذَنِي لَأُعِيذَنَّهُ، وَمَا تَرَدَّدْتُ عَنْ شَيْءٍ أَنَا فَاعِلُهُ تَرَدُّدِي عَنْ نَفْسِ المُؤْمِنِ، يَكْرَهُ المَوْتَ وَأَنَا أَكْرَهُ مَسَاءَتَهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হাদীছে কুদছীত মহান আল্লাহে কৈছেঃ যিয়ে মোৰ কোনো প্ৰিয়জনক ৰাগান্বিত কৰিব তথা তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিব, তাৰ বিৰুদ্ধে মই মোৰ শত্ৰুতা আৰু যুদ্ধ ঘোষণা কৰিছোঁ। অলী হৈছেঃ পৰহেজগাৰ মুমিন ব্যক্তি। বান্দা ঈমান আৰু তাক্বৱাৰ ক্ষেত্ৰত যিমান গভীৰতা লাভ কৰিব, তেওঁ আল্লাহৰ সিমানেই প্ৰিয়পাত্ৰ হ'ব। মুছলিমে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ প্ৰয়াস কৰা সকলো আমলৰ ভিতৰত আল্লাহৰ দৃষ্টিত আটাইতকৈ প্ৰিয় আমলটো হৈছে তেওঁ ফৰজ কৰা নেক আমলসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা আঁতৰি থকা। ফৰজৰ লগতে নফলসমূহ নিয়মিতভাৱে আদায় কৰি যিয়ে আাল্লাহৰ নৈকট্য অন্বেষণ কৰে, তাক আল্লাহে মুহাব্বত কৰে। যেতিয়া আল্লাহে তাক মুহাব্বত কৰে, তেতিয়া তাৰ চাৰিটা অংগক আল্লাহে গুনাহৰ পৰা সুৰক্ষিত ৰাখে। শ্ৰৱণশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কথাই শুনে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তেওঁৰ দৃষ্টিশক্তিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেইটোৱে দেখে যিটোক আল্লাহে পছন্দ কৰে আৰু সন্তুষ্ট হয়। তাৰ হাতক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামেই কৰে যিটোৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়। তাৰ ভৰিক সঠিকভাৱে পৰিচালিত কৰে, ফলত তেওঁ কেৱল সেই কামৰ বাবেই খোজকাঢ়ে যিটোক আল্লাহে পছন্দ কৰে, কল্যাণৰ বাহিৰে বেলেগ কোনো কাম কৰিবলৈ চেষ্টা নকৰে। ইয়াৰ ওপৰিও তেওঁ যদি আল্লাহৰ ওচৰত কিবা বিচাৰে তেন্তে আল্লাহে তেওঁক সেইটো প্ৰদান কৰে। ফলত তেওঁৰ দুআ কবূল কৰা হয়। এইদৰে যেতিয়া তেওঁ আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, তেতিয়া আল্লাহে তেওঁক হিফাজত কৰে আৰু আশ্ৰয় দিয়ে যিটোৰ পৰা তেওঁ আশ্ৰয় বিচাৰে। ইয়াৰ পিছত মহান আল্লাহে কৈছেঃ মই বেলেগ কোনো কামতে দ্বিধাবোধ নকৰোঁ, কেৱল মুমিনৰ প্ৰাণ হৰণ কৰাৰ সময়ত তাৰ প্ৰতি পুতৌ জন্মে সেয়ে দ্বিধাবোধ কৰোঁ। কাৰণ মুমিনে মৃত্যু যন্ত্ৰণাক অপছন্দ কৰে। ইপিনে আল্লাহে মুমিনক কষ্ট দিবলৈ অপছন্দ কৰে।
...:
এই হাদীছটোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰিছে, এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বোলে। যি হাদীছৰ শব্দ আৰু অৰ্থ আল্লাহৰ পৰা অৱতীৰ্ণ। কিন্তু ইয়াৰ ভিতৰত কোৰআনৰ কোনো বিশেষত্ব নাই, যিবোৰ বিশেষত্ব একমাত্ৰ কোৰআনৰ বাবেই নিৰ্দিষ্ট। যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, পৱিত্ৰ হৈ স্পৰ্শ কৰিব লাগে, কোৰআনৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে, লগতে কোৰআনৰ মাজত আছে বহুতো অলৌকিকতা, ইত্যাদি।
হাদীছটোত আল্লাহৰ অলীসকলক কষ্ট দিবলৈ নিষেধ কৰা হৈছে, আৰু তেওঁলোকক মুহাব্বত কৰিবলৈ উৎসাহিত কৰা হৈছে। লগতে তেওঁলোকৰ মৰ্যাদাক স্বীকাৰ কৰিবলৈ কৈছে।
আল্লাহৰ শত্ৰুসকলৰ সৈতে বিদ্বেষ পোষণ কৰিবলৈ নিৰ্দেশ দিছে আৰু সিহঁতৰ সৈতে বন্ধুত্ব ৰাখিবলৈ নিষেধ কৰিছে।
আল্লাহৰ চৰীয়ত অনুসৰণ নকৰাকৈ যিয়ে নিজকে আল্লাহৰ অলী বুলি দাবী কৰে, সি হৈছে চৰম মিছলীয়া।
ওৱাজিবসমূহ পালন কৰিলে আৰু হাৰাম কামৰ পৰা বিৰত থাকিলেহে আল্লাহৰ ৱিলায়ত লাভ হয়।
ওৱাজিবসমূহ পালন কৰিলে আৰু হাৰাম কামৰ পৰা বিৰত থাকিলে আল্লাহে দুআ কবূল কৰে আৰু তাক মুহাব্বত কৰে।
অলীসকলৰ সন্মান আৰু তেওঁলোকৰ সুউচ্চ মৰ্যাদাৰ প্ৰতি ইংগিত কৰা হৈছে।
ছহীহ বুখাৰী (8/ 105) (6502).
অধিক (14)
الإفصاح عن معاني الصحاح.
ليحيى بن هبيرة (7/ 302).
جامع العلوم والحكم في شرح خمسين حديثا من جوامع الكلم.
لابن رجب (2/ 330).
عمدة القاري شرح صحيح البخاري.
لمحمود بدر الدين العينى (23/ 88).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي بن سلطان القاري (4/ 1544).
تاج العروس من جواهر القاموس.
للزبيدي (17/ 81).
شرح رياض الصالحين.
لابن عثيمين (2/ 59).
مجموع فتاوى ومقالات متنوعة.
لابن باز(8/ 277).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- قاموس الكبائرموسوعة الكبائر - المجموعة الثالثة«إِنَّ اللَّهَ قَالَ: مَنْ عَادَى لِي وَلِيًّا فَقَدْ آذَنْتُهُ بِالْحَرْبِ» [71].
- متن اصول الإيمانمتن أصول الإيمان{إِن اللَّه تبارك وتعالى قال: من عادى لي وليّا فقد آذنْته بالحرب، وما تقرب إلي عبدي بشيءٍ أحب إلى من أداءِ ما افترضته عليه، وما يزال عبدي يتقرب إلي بالنوافِلِ حتى أحبه، فإذا أحببته كنت سمعه الذي يسمع به، وبصره الذي يبصر به، ويده التي يبطِش
- مجموعة زاد الحديث(2)1«إِنَّ الله عزوجل قَالَ: مَنْ عَادَى لِي وَلِيًّا فَقَدْ آذَنْتُهُ بِالحَرْبِ، وَمَا تَقَرَّبَ إِلَيَّ عَبْدِي بِشَيْءٍ أَحَبَّ إِلَيَّ مِمَّا افْتَرَضْتُ عَلَيْهِ، وَمَا يَزَالُ عَبْدِي يَتَقَرَّبُ إِلَيَّ بِالنَّوَافِلِ حَتَّى أُحِبَّهُ،
- مجموعة زاد العقيده (4)العقيدة 4«إِنَّ اللَّهَ قال: مَنْ عادَى لِي وَلِيًّا فَقَدْ آذَنْتُهُ بِالحَرْبِ».