Skip to content

আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)

আব্দুল্লাহ বিন শ্বিখখীৰ -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই বনু আমিৰ গোত্ৰৰ সঁজাতি দলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি উপস্থিত হ'লোঁ, আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)

انْطَلَقْتُ في وَفدِ بَنِي عَامِرٍ إِلى رَسُولِ الله صلى الله عليه وسلم، فَقُلنا: أَنتَ سيّدُنَا، فقال: «السَّيدُ اللهُ»، قُلنا: وَأَفْضَلُنا فَضْلاً، وأعظَمُنا طَوْلاً، فقال: «قُولُوا بِقَولِكُم، أَو بَعضِ قولِكُم، وَلَا يَسْتَجْرِيَنَّكُم الشَّيطَانُ».

(আবু দাঊদ, আহমদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল। তেওঁলোকে তেখেতৰ ওচৰলৈ আহি তেখেতক প্ৰশংসা কৰি কিছুমান বাক্য ক'লে, যিবোৰ কথাক তেখেতে অপছন্দ কৰিলে। তেওঁলোকে কৈছিলঃ "আপুনি হৈছে আমাৰ ছায়্যিদ।" তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "ছায়্যিদ হৈছে আল্লাহ তাআলা।" সৃষ্টিৰ ওপৰত সম্পূৰ্ণ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই আছে, কাৰণ সিহঁত আটায়ে হৈছে তেওঁৰ বান্দা। তেতিয়া তেওঁলোকে ক'লেঃ আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদাৱান ব্যক্তি, লগতে মান-মৰ্যাদা, পদ-মৰ্যাদা আৰু শ্ৰেষ্ঠত্বৰ ফালৰ পৰাও আপুনিয়েই আমাৰ মাজত শ্ৰেষ্ঠ। তথা আপুনি হৈছে আমাৰ মাজত অধিক উদাৰ, অৰ্থাৎ অধিক দানকাৰী, মহা মৰ্যাদাশীল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক উপদেশ দি কৈছিল, তেওঁলোকে যেন সাধাৰণভাৱে কথা কয়, বাক্য গঠণত যাতে অতি প্ৰয়াস নকৰে। লগতে তেওঁলোকক সতৰ্ক কৰিছে যে, চয়তানে যেন তেওঁলোকক সীমালংঘনৰ পিনে লৈ নাযায়, যাৰ ফলত শ্বিৰ্ক আৰু ইয়াৰ মাধ্যমৰ দৰে হাৰাম কামত লিপ্ত হ'ব।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত সন্মান কৰিছিল আৰু তেখেতক কদৰ কৰিছিল।

বাক্য গঠণত অতিৰঞ্জিত কৰিবলৈ নিষেধ কৰিছে। কথা-বতৰাত মধ্যম পন্থা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।

যিবোৰ কথা বা কৰ্মৰ দ্বাৰা তাওহীদত ত্ৰুটি হয়, সেইবোৰৰ পৰা তাওহীদক সংৰক্ষণ কৰা হৈছে।

প্ৰশংসাৰ ক্ষেত্ৰত সীমালংঘন কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ এইটো হৈছে চয়তানৰ প্ৰৱেশদ্বাৰ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আদম সন্তানৰ ছায়্যেদ তথা নেতা। হাদীছটোত তেখেতে তেখেতৰ বিনয়ী স্বভাৱৰ কাৰণে এনেকৈ কৈছে, লগতে এই কাৰণে নিষেধ কৰিছে, যাতে মানুহে এই ক্ষেত্ৰত সীমালংঘন নকৰে।

সম্পাদক

ছুনান আবি দাঊদ (7/ 184) (4806).

মুছনাদ আহমদ (26/ 234) (16307).

অধিক (6)

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص424).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص472).

مشكاة المصابيح.

للألباني مشكاة المصابيح (3/ 1373).