Skip to content

তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"

«أَتِمُّوا الصَّفَّ المُقَدَّمَ، ثُمَّ الَّذِي يَلِيهِ، فَمَا كَانَ مِنْ نَقْصٍ فَلْيَكُنْ فِي الصَّفِّ المُؤَخَّرِ».

আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পুৰুষসকলক প্ৰথমে প্ৰথম শাৰী পূৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবলৈ কৈছে। এইদৰেই এটা এটাকৈ শাৰীবোৰ পূৰ কৰিবলৈ কৈছে। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত শাৰী পোন কৰাৰ ছুন্নত বৰ্ণনা কৰা হৈছে।

মুচল্লীসকলৰ উচিত যে, তেওঁলোকে সন্মুখৰ শাৰীবোৰ যাতে অসম্পূৰ্ণ নাৰাখে। যদি ক'ৰবাত অসম্পূৰ্ণ ৰাখিবলগীয়া হয় তেন্তে সেইটো যাতে হয় শেষৰ শাৰীত।

সম্পাদক

ছুনান আবি দাঊদ (2/ 10) (671).

ছুনান নাছায়ী (2/ 93) (818).

অধিক (1)

شرح سنن أبي داود للعباد (89/ 25).