ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ লোৱা নাছিল। কিন্তু যদি আল্লাহৰ সীমাৰেখা কোনোবাই লংঘন কৰিছিল তেন্তে তেনে ক্ষেত্ৰত আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।"
مَا خُيِّرَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَيْنَ أَمْرَيْنِ إِلَّا أَخَذَ أَيْسَرَهُمَا، مَا لَمْ يَكُنْ إِثْمًا، فَإِنْ كَانَ إِثْمًا كَانَ أَبْعَدَ النَّاسِ مِنْهُ، وَمَا انْتَقَمَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِنَفْسِهِ إِلَّا أَنْ تُنْتَهَكَ حُرْمَةُ اللَّهِ، فَيَنْتَقِمَ لِلَّهِ بِهَا.
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, তেখেতক যেতিয়া দুটা বস্তুৰ মাজৰ যিকোনো এটা বাছি লোৱাৰ বিকল্প দিয়া হৈছিল তেতিয়া তেখেতে সহজটোক নিৰ্বাচন কৰিছিল, যদিহে সেইটোৰ দ্বাৰা গুনাহ হোৱাৰ সম্ভাৱনা নাই। কিন্তু যদি গুনাহ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া তেখেতে সেইটোৰ পৰা বহু দূৰ আঁতৰি থাকিছিল আৰু কঠিনটোকে গ্ৰহণ কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল। কিন্তু যদি কোনোবাই আল্লাহৰ সীমাৰেখা লংঘন কৰিছিল, তেতিয়া তেখেত অত্যন্ত ক্ৰোধান্বিত হৈছিল আৰু আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।
যদি বিষয়টো গুনাহৰ নহয়, তেন্তে সহজটো গ্ৰহণ কৰা মুস্তাহাব।
ইছলাম অত্যন্ত সহজ-সৰল।
আল্লাহৰ বাবে কাৰো প্ৰতি ক্ৰোধান্বিত হোৱাটো চৰীয়ত সন্মত।
আল্লাহৰ সীমাৰেখা বাস্তৱায়নত আৰু সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত ধৈৰ্য্যশীল আৰু সহনশীল আছিল।
ইবনু হাজাৰে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, কঠিন বিষয় ত্যাগ কৰি সহজটো গ্ৰহণ কৰা উচিত। লগতে এনেকুৱা কামো পৰিত্যাগ কৰিব লাগে, যিটোৰ অত্যন্ত প্ৰয়োজন নাই।
ক্ষমা কৰিবলৈ উৎসাহিত কৰা হৈছে। কিন্তু আল্লাহৰ অধিকাৰৰ ক্ষেত্ৰত নহয়।
ছহীহ বুখাৰী (4/ 189) (3560).
ছহীহ মুছলিম (4/ 1813) (2327).
অধিক (5)
فتح الباري لابن حجر (575/6).
شرح صحيح مسلم (83/15).
كنوز رياض الصالحين.
لمجموعة من الباحثين (601/9).
شرح رياض الصالحين لابن عثيمين (587/3).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- الحقيقة المُبْهِرَة في العلاقة بين الإسلام والإنسان(وما خُيِّر رسول الله صلى الله عليه وسلم بين أمرين إلا أخذ أيسرهما، ما لم يكن إثماً، فإن كان إثماً كان أبعد الناس منه)[173].
- مشروع المنهج التعليميمادة الحديث مستوى 1«مَا خُيِّرَ رَسُولُ اللهِ ﷺ بَيْنَ أَمْرَيْنِ إِلَّا أَخَذَ أَيْسَرَهُمَا، مَا لَمْ يَكُنْ إِثْمًا، فَإِنْ كَانَ إِثْمًا كَانَ أَبْعَدَ النَّاسِ مِنْهُ، وَمَا انْتَقَمَ رَسُولُ اللهِ ﷺ لِنَفْسِهِ إِلَّا أَنْ تُنْتَهَكَ حُرْمَةُ اللهِ، فَيَ