চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা। এতেকে সেই ব্যক্তিয়ে ৰাতিত যদি টোপনিৰ পৰা সজাগ হৈ আল্লাহক স্মৰণ কৰে (অৰ্থাৎ টোপনিৰ পৰা উঠাৰ দুআ পাঠ কৰে) তেন্তে এটা গাঁঠি খুলি যায়, আৰু যদি অজু কৰে তেন্তে আন এটা গাঁঠি খুলি যায়, আৰু যদি নামাজ পঢ়ে তেন্তে শেষৰ গাঁঠিটোও খুলি যায়। সেয়ে তেওঁ সক্ৰিয় হৈ সবল মনেৰে পুৱাৰ ভাগত উপনীত হয়। অন্যথা এলেহুৱা হৈ নিকৃষ্ট মনেৰে পুৱাৰ ভাগত উপনীত হয়।"
«يَعْقِدُ الشَّيْطَانُ عَلَى قَافِيَةِ رَأْسِ أَحَدِكُمْ إِذَا هُوَ نَامَ ثَلاَثَ عُقَدٍ يَضْرِبُ كُلَّ عُقْدَةٍ عَلَيْكَ لَيْلٌ طَوِيلٌ، فَارْقُدْ، فَإِنِ اسْتَيْقَظَ فَذَكَرَ اللَّهَ، انْحَلَّتْ عُقْدَةٌ، فَإِنْ تَوَضَّأَ انْحَلَّتْ عُقْدَةٌ، فَإِنْ صَلَّى انْحَلَّتْ عُقْدَةٌ، فَأَصْبَحَ نَشِيطًا طَيِّبَ النَّفْسِ، وَإِلَّا أَصْبَحَ خَبِيثَ النَّفْسِ كَسْلاَنَ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত চয়তানৰ অৱস্থা আৰু যি ব্যক্তিয়ে তাহাজ্জুদৰ বাবে উঠিব বিচাৰে বা ফজৰৰ সময়ত উঠিব বিচাৰে তাৰ সৈতে চয়তানে কৰা সংগ্ৰাম সম্পৰ্কে জনাইছে। মুমিন ব্যক্তিয়ে যেতিয়া বিছনাত শুবলৈ যায় তেতিয়া চয়তানে তেওঁৰ মূৰৰ পিছফালে তিনিটা গাঁঠি বান্ধি দিয়ে। মুমিন ব্যক্তিয়ে যদি ৰাতিত টোপনিৰ পৰা সাৰ পায় আৰু আল্লাহক স্মৰণ কৰে, তথা চয়তানৰ কুমন্ত্ৰণাক ভ্ৰূক্ষেপ নকৰে, তেন্তে এটা গাঁঠি খোল খায়। যদি অজু কৰে তেন্তে আন এটা গাঁঠি খোল খায়। এইদৰে যদি তেওঁ নামাজ পঢ়ে তেন্তে তৃতীয় নম্বৰ গাঁঠিটোও খোল খায়। ফলত তেওঁ সজীৱ মনেৰে সক্ৰিয় হৈ পুৱাৰ ভাগত উপনীত হয়। আল্লাহৰ তাওফীকত আনুগত্য কৰাৰ কাৰণে তেওঁ এই আনন্দ লাভ কৰে। লগতে আল্লাহে প্ৰদান কৰা ক্ষমা আৰু ছোৱাবৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা সুসংবাদ গ্ৰহণ কৰে। লগতে চয়তানৰ গাঁঠি আৰু তাৰ চক্ৰান্তৰ পৰা মুক্ত হয়। অন্যথা বেয়া মন আৰু দুখী হৃদয়েৰে সাৰ পায়; আৰু কল্যাণকৰ তথা ভাল কামত এলাহ ভাৱ জন্মে, কাৰণ সি চয়তানৰ শিকলিত আৱদ্ধ হৈ থাকে আৰু দয়াময় আল্লাহৰ ৰহমতৰ পৰা আঁতৰি থাকে।
চয়তানে মানুহৰ প্ৰতিটো পথতে বাধা দিয়াৰ চেষ্টা কৰে, যাতে বান্দাক আল্লাহৰ আনুগত্যৰ পৰা বিৰত ৰাখিব পাৰে। সৰ্বশক্তিমান আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা অবিহনে চয়তানৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাই। সেয়ে ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় অৱলম্বন কৰিব লাগে।
জিকৰ-আজকাৰ আৰু ইবাদতৰ জৰিয়তে অন্তৰ প্ৰশস্ত হয় আৰু মন সক্ৰিয় হয়। অলসতা আৰু এলাহ ভাব দূৰ হয়, অকল্যাণ আৰু বিপদ-আপদ আঁতৰি যায়। কাৰণ চয়তান বিতাড়িত হয় আৰু এইবোৰ হৈছে চয়তানৰে কুমন্ত্ৰণা।
মুমিন ব্যক্তিয়ে আল্লাহে প্ৰদান কৰা তাওফীকেৰে ইবাদত কৰি আনন্দিত হয়। নেক কৰ্ম আৰু উচ্চ মৰ্যাদা আহৰণত ত্ৰুটি হোৱাৰ কাৰণে মনত দুখ পায়।
ইবাদতৰ পৰা অলসতা আৰু অৱহেলা হৈছে চয়তানৰ কৰ্ম তথা সৌন্দৰ্য।
এই তিনিটা কৰ্মই চয়তানক বিতাড়িত কৰে, জিকৰ-আজকাৰ, অজু আৰু নামাজ।
চয়তানে বিশেষকৈ মূৰৰ পিছফালে গাঁঠি বান্ধে, কাৰণ এইটো হৈছে শক্তিৰ কেন্দ্ৰ আৰু ইয়াৰ কাৰ্য্যৰ পৰিসৰ। যদি ইয়াত গাঁঠি দিব পাৰে তেন্তে মানুহৰ ৰূহক প্ৰভাৱিত কৰিব পাৰে, আৰু গভীৰ টোপনি জাপি দিব পাৰে।
ইবনু হাজাৰ আছকালানী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোৰ এই বাক্যই (عليك ليل) প্ৰমাণ কৰে যে, এইটো কেৱল ৰাতিৰ টোপনিৰ সৈতে নিৰ্দিষ্ট।
ইবনু হাজাৰ আছকালানী ৰাহিমাহুল্লাহে কৈছেঃ এই ক্ষেত্ৰত নিৰ্দিষ্ট কোনো দুআ নাই, যিটোৰ বাহিৰে বেলেগ দুআ নচলিব। বৰং যিকোনো আজকাৰ পাঠ কৰিলেই যথেষ্ট হ'ব। সেয়া কোৰআন তিলাৱতো হ'ব পাৰে, হাদীছ পাঠো হ'ব পাৰে, অথবা শ্বাৰয়ী ইল্ম চৰ্চাও হ'ব পাৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত এই জিকৰ পাঠ কৰাটো বেছি উত্তম, যিয়ে ৰাতিত সাৰ পাই উঠি এই দুআ পঢ়েঃ "লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আলহাম্দুলিল্লাহ, অছুবহানাল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ, অলা হাওলা অলা কুউৱাতা, ইল্লা বিল্লাহ। ইয়াৰ পিছত যিয়ে কয়ঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, অথবা যি দুআ কৰে সেই দুআ কবুল কৰা হয়, আৰু যদি অজু কৰি নামাজ পঢ়ে তেন্তে নামাজ কবূল হয়"। (বুখাৰী)
ছহীহ বুখাৰী (2/ 52) (1142).
ছহীহ মুছলিম (1/ 538) (776).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 328).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 834).
كنوز رياض الصالحين.
لمجموعة من الباحثين (15/ 305).
فتح الباري شرح صحيح البخاري.
لأحمد العسقلاني (10/ 564).
طرح التثريب في شرح التقريب.
العراقي (3/ 82).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- الخطب المنبرية موسوعة الخطب المنبرية (القسم الثاني)«يَعْقِدُ الشَّيْطَانُ عَلَى قَافِيَةِ رَأْسِ أَحَدِكُمْ إِذَا هُوَ نَامَ ثَلَاثَ عُقَدٍ، يَضْرِبُ كُلَّ عُقْدَةٍ: عَلَيْكَ لَيْلٌ طَوِيلٌ فَارْقُدْ، فَإِنِ اسْتَيْقَظَ فَذَكَرَ ٱللَّهَ انْحَلَّتْ عُقْدَةٌ، فَإِنْ تَوَضَّأَ انْحَلَّتْ عُقْد
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهمالصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«يَعْقِدُ الشَّيْطَانُ عَلَى قَافِيَةِ رَأْسِ أَحَدِكُمْ إِذَا هُوَ نَامَ ثَلاَثَ عُقَدٍ يَضْرِبُ كُلَّ عُقْدَةٍ عَلَيْكَ لَيْلٌ طَوِيلٌ، فَارْقُدْ فَإِنِ اسْتَيْقَظَ فَذَكَرَ اللَّهَ، انْحَلَّتْ عُقْدَةٌ، فَإِنْ تَوَضَّأَ انْحَلَّتْ عُقْدَ
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«يَعْقِدُ الشَّيْطَانُ عَلَى قَافِيَةِ رَأْسِ أَحَدِكُمْ إِذَا هُوَ نَامَ ثَلَاثَ عُقَدٍ يَضْرِبُ كُلَّ عُقْدَةٍ عَلَيْكَ لَيْلٌ طَوِيلٌ، فَارْقُدْ فَإِنِ اسْتَيْقَظَ فَذَكَرَ اللَّهَ، انْحَلَّتْ عُقْدَةٌ، فَإِنْ تَوَضَّأَ انْحَلَّتْ عُقْدَ