Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 62 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।
হাছান তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
হাছান আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
"মোৰ কাৰণে আল্লাহে মোৰ উম্মতৰ অনিচ্ছাকৃত ভুল-ত্ৰুটি ক্ষমা কৰি দিছে আৰু (বান্দাৰ) সেই কৰ্ম(কো ক্ষমা কৰিছে) যিটো সি কৰিবলৈ বাধ্য হৈছে।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। ইবনে মাজাহ আৰু বায়হাকীয়ে বৰ্ণনা কৰিছে।
"সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
"তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।"
হাছান বুখাৰীয়ে আল-আদাবুল মুফৰাদত বৰ্ণনা কৰিছে, ইয়াৰ উপৰিও আবূ য়া'লা আৰু বায়হাকীয়ে বৰ্ণনা কৰিছে।
"তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
"নিজৰ ক্ষতি কৰা উচিত নহয়, আৰু আনৰ ক্ষতি কৰাও উচিত নহয়।"
হাছান ইবনে মাজাহ আৰু দাৰাকুতনীয়ে মুছনাদ হিচাপে বৰ্ণনা কৰিছে।
সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ হৈ যাদু কৰা হয়, আৰু যিয়ে (মন্ত্ৰ পঢ়ি) গাঁঠিত ফুঁ দিয়ে। (জানি থোৱা!) যি ব্যক্তিয়ে কোনো ভৱিষ্যৎ গণনাকাৰীৰ ওচৰলৈ আহে আৰু সি যি কয় তাক বিশ্বাস কৰে, সেই ব্যক্তি দৰাচলতে মুহাম্মদৰ ওপৰত অৱতীর্ণ হোৱা কোৰআনক অস্বীকাৰ কৰে।
হাছান (বাজ্জাৰ)