Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 62 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কিছুমান বিষয়ত কথা পাতিলে, তাৰ পিছত ক'লেঃ আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি মোক আল্লাহৰ সমকক্ষ কৰি দিলা নেকি? কোৱা: অকল আল্লাহৰ যি ইচ্ছা।"
ইয়াৰ চনদ হাছান পৰ্যায়ৰ رواه ابن ماجه والنسائي في الكبرى وأحمد
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
হাছান (আবু দাঊদ)
"মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলেহেঁতেন। কিন্তু (ন্যায় হৈছে) দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"
হাছান বাইহাকী আদিয়ে বৰ্ণনা কৰিছে। হাদীছটোৰ এটা অংশ ছহীহাইনত আছে।
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক।" উপস্থিত লোকসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! সৰু শ্বিৰ্ক আকৌ কি? তেখেতে ক'লেঃ "সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)। কিয়ামতৰ দিনা যেতিয়া মানুহক সিহঁতৰ আমলৰ প্ৰতিফল প্ৰদান কৰা হ'ব তেতিয়া সিহঁতক আল্লাহে ক'বঃ যোৱা তোমালোকে সিহঁতৰ ওচৰলৈ যোৱা যিসকলক দেখুৱাবলৈ তোমালোকে আমল কৰিছিলা, গৈ চোৱাচোন সিহঁতৰ ওচৰত তোমালোকে কিবা প্ৰতিদান পোৱানে নাই?”
হাছান (আহমদ)
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমাৰ ওপৰত আমাৰ স্ত্ৰীসকলৰ প্ৰাপ্য (অধিকাৰ) কি? তেখেতে ক'লেঃ "যেতিয়া তুমি আহাৰ কৰিবা, তেতিয়া তাইকো আহাৰ কৰাবা। এইদৰে যেতিয়া তুমি পৰিধান কৰিবা অথবা উপাৰ্জন কৰিবা তেতিয়া তাইকো পৰিধান কৰাবা। মুখমণ্ডলত নামাৰিবা, বেয়া ভাষাৰে গালি নাপাৰিবা, পৃথক ৰাখিবলগীয়া হ'লে ঘৰতে পৃথক ৰাখিবা।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)