Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 62 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত, লগতে জান্নাত হৈছে সমতল ভূমি, আৰু ইয়াৰ গছ-গছনি হৈছে ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ।"
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (তিৰমিজী)
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
হাছান লিগাইৰিহি। (তিৰমিজী, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ «أعوذ بالله العظيم، وبوجهه الكريم، وسلطانه القديم، من الشيطان الرَّجِيم» "(মই বিতাৰিত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ চিৰস্থায়ী ৰাজত্বৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।)" সোধা হ'ল, কেৱল এইখিনিয়ে? মই ক'লোঁঃ হয়। তেখেতে কৈছেঃ (মছজিদত প্ৰৱেশকাৰী) ব্যক্তিয়ে যেতিয়া এই দুআটো পাঠ কৰে, তেতিয়া চয়তানে কয়ঃ আজি গোটেই দিনটোৰ বাবে ই মোৰ পৰা সুৰক্ষিত হৈ গ'ল।
হাছান (আবু দাঊদ)
"তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
হাছান (আবু দাঊদ)
"কোনো অত্যাচাৰী শাসকৰ সন্মুখত ন্যায় কথা কোৱাটোও হৈছে জিহাদৰ এটা অন্যতম ডাঙৰ প্ৰকাৰ।"
হাছান লিগাইৰিহি। (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
“ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। (তিৰমিজী)
"নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। দাৰুকুতনীয়ে তেওঁৰ ছুনানত বৰ্ণনা কৰিছে।