Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 86 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (53)
"ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)
ছহীহ (তিৰমিজী, আহমদ)
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।"
ছহীহ (তিৰমিজী)
তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তুমি আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ চওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? চওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে গভীৰ ৰাতিত ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?
ছহীহ (তিৰমিজী)
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।"
ছহীহ (তিৰমিজী, আহমদ)
"মই তোমালোকক অৱগত নকৰিমনে যে, তোমালোকৰ মাজত কোন সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট?" বৰ্ণনাকাৰী কৈছেঃ সকলোৱে নিমাত হৈ থাকিল। তেখেতে এই কথা তিনিবাৰ ক'লে। তাৰ পিছত এজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! হয়, নিশ্চয় কওক। কোন আমাৰ মাজত সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট। তেখেতে ক'লেঃ "তোমালোকৰ মাজত উৎকৃষ্ট হৈছে সেইজন ব্যক্তি, যাৰ পৰা কল্যাণ আশা কৰিব পাৰি আৰু যাৰ অনিষ্টৰ পৰা নিৰাপদ থাকিব পাৰি। আনহাতে নিকৃষ্ট হৈছে সেই ব্যক্তি, যাৰ পৰা কোনো ধৰণৰ কল্যাণ আশা কৰিব নোৱাৰি, আৰু যাৰ অনিষ্টৰ পৰা নিৰাপদো থাকিব নোৱাৰি।"
ছহীহ (তিৰমিজী)