Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 54 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
"(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
ছহীহ নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
ছহীহ (ইবনে মাজাহ)