Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 116 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (57)
"যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
মই বনু আমিৰ গোত্ৰৰ সঁজাতি দলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি উপস্থিত হ'লোঁ, আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)
ছহীহ (আবু দাঊদ, আহমদ)
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
ছহীহ (তিৰমিজী, আহমদ)
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, তেতিয়া তেখেতে মুশ্বৰিকসকলৰ ভক্তিমূলক এটা গছৰ ওচৰেৰে গৈ আছিল, যাৰ নাম আছিলঃ জাতু আনৱাত, সেই গছত মুশ্বৰিকসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰ ওলোমাই ৰাখিছিল (এইটো সিহঁতে নিজৰ ভক্তিৰ উদ্দেশ্যে কৰিছিল)। এই দেখি (নতুনকৈ ইছলাম গ্ৰহণ কৰা) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ বাবেও এখন জাতু আনৱাত নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ জাতু আনৱাত আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ, এইটো দেখোন তেনেকুৱাই কথা যিদৰে মুছাৰ সম্প্ৰদায়ে কৈছিলঃ {আমাৰ বাবেও এনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ উপাস্য আছে।} (ছুৰা আল-আৰাফঃ ১৩৮) শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় তোমালোকেও পূৰ্বৱৰ্তী উম্মতৰ পথতে চলিবা বুলি অনুমান হয়।"
ছহীহ (তিৰমিজী, আহমদ)
"তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
ছহীহ (তিৰমিজী, আহমদ)
মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)