Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 85 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাতত ধৰি ক'লেঃ হে মুআজ! আল্লাহৰ শপত, মই তোমাক অত্যন্ত ভালপাওঁ। ইয়াৰ পিছত তেখেতে ক'লেঃ হে মুআজ! মই তোমাক এটা উপদেশ দিওঁ, তুমি এইটো প্ৰত্যেক নামাজৰ পিছত কেতিয়াও ক'বলৈ নাপাহৰিবা, এইদৰে ক'বাঃ "আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা, অশ্বুকৰিকা, অহুছনি ইবাদাতিক।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"কোনো (অসৎ কৰ্মৰ) বিষয়ে জনাৰ পিছত বা দেখাৰ পিছত সেই বিষয়ে ক'বলৈ মানুহৰ ভয়ে যাতে তোমালোকক বিৰত নাৰাখে।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।
ছহীহ আহমদ আৰু বাইহাক্বীয়ে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”
হাছান ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।"
ছহীহ তিৰমিজী, আহমদ, আৰু নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে। আনহাতে প্ৰত্যেক চল্লিশটাৰ বিপৰীতে যেনে এটাকৈ দুবছৰীয়া পোৱালী লয়। এইদৰে প্ৰত্যেক প্ৰাপ্ত বয়স্ক লোকৰ বিপৰীতে এক দীনাৰ অথবা সেই মূল্যৰ মুআফিৰী কাপোৰ লয়। এইটো হৈছে য়ামানত প্ৰস্তুত হোৱা এবিধ কাপোৰ।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে: যিটো পথক দুয়োফালে দুখন বেৰেৰে আগুৰি আছে, দুয়োখন বেৰত কেইবাখনো খোলা দুৱাৰ আছে যিবোৰ পৰ্দাৰে আবৃত। পথৰ আৰম্ভণিতে এজন আহ্বানকাৰীয়ে (লোকসকলক) আহ্বান কৰি কয়- হে লোকসকল, তোমালোক সকলোৱে পোন পথেৰে আগুৱাই যোৱা, পথৰ পৰা বিচ্যুত নহ’বা তথা বক্ৰপথ অৱলম্বন নকৰিবা। আনহাতে সেই পথৰ ওপৰতো আছে এজন আহ্বানকাৰী, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ যিকোনো এখন খুলিব বিচাৰে তেতিয়াই তেওঁ সেই ব্যক্তিক সকীয়াই দি কয়: সৰ্বনাশ! ‘ধিক তোমাৰ ওপৰত! এইখন নুখুলিবা, কিয়নো খুলিলেই তাত প্ৰৱেশ কৰিবা (আৰু পথভ্ৰষ্ট হৈ যাবা)।' (ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ ব্যাখ্যা কৰি কৈছে) পথটোৰ দ্বাৰা বুজোৱা হৈছে ইছলামক, দেৱাল দুখনৰ দ্বাৰা বুজোৱা হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা, আৰু উন্মুক্ত দুৱাৰৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ নিষেধকৃত বস্তুবোৰক। পথৰ আৰম্ভণিত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক, আনহাতে পথৰ ওপৰত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুছলিমৰ হৃদয়ত থকা আল্লাহৰ ফালৰ পৰা নিয়োজিত উপদেষ্টাক।
ছহীহ (তিৰমিজী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।" এই দেখি মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওপৰত আৰু আপুনি লৈ অহা চৰীয়তৰ ওপৰত ঈমান আনিছোঁ, তথাপিও আমাকলৈ আপোনাৰ ভয় আছে নেকি? তেখেতে ক'লেঃ "হয়। নিশ্চয় অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।"
ছহীহ (তিৰমিজী, আহমদ)