Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 85 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"সন্দেহযুক্ত বিষয় পৰিত্যাগ কৰি যিটোত সন্দেহ নাই সেইটো গ্ৰহণ কৰা। কাৰণ সত্যই হৈছে শান্তি তথা স্বস্তি, আনহাতে মিছা হৈছে সন্দেহ তথা সংশয়।"
ছহীহ তিৰমিজী, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"যদি কোনো ব্যক্তিয়ে গুনাহ কৰাৰ পিছত পৱিত্ৰতা অৰ্জন কৰি নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তাক ক্ষমা কৰি দিয়ে।" ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিছেঃ وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللهَ فَاسْتَغْفَرُوا لِذُنُوبِهِمْ} আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। (আল্লাহে তেওঁলোকক ক্ষমা কৰি দিয়ে।) (ছুৰা আলে-ইমৰাণঃ ১৩৫)
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও পুৱা গধূলি এই দুআটো পাঠ নকৰাকৈ থকা নাছিল। উচ্চাৰণঃ "আল্লা-হুম্মা ইন্নি আছআলুকাল আ-ফিয়াহ ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, অ আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, অ আন শ্বিমা-লি, অমিন ফাউকি, অ আউজু বিআজমাতিকা আন উগতা-লা মিন তাহতি”। অৰ্থ: হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।
ছহীহ (আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জামাৰাতুল আক্বাবাৰ দিনা পুৱাৰ ভাগত উটৰ পিঠিত আৰোহণ কৰি থকা অৱস্থাত কৈছিলঃ "মোৰ বাবে শিলগুটি সংগ্ৰহ কৰা।" ফলত মই তেখেতৰ বাবে সাতটা শিলগুটি সংগ্ৰহ কৰিলোঁ। যিবোৰ আকাৰত আছিল ক্ষুদ্ৰ। তেখেতে সেইবোৰ নিজৰ হাতৰ মাজত লৈ লাৰিচাৰি ক'লেঃ "এনেকুৱা ধৰণৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা।" ইয়াৰ পিছত তেখেতে ক'লেঃ "হে মানৱজাতি! ধৰ্মীয় ক্ষেত্ৰত সীমালংঘনৰ পৰা বিৰত থাকিবা, কাৰণ তোমালোকৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।"
ছহীহ (ইবনে মাজাহ, নাছায়ী, আহমদ)
"মানুহে ভৰোৱা আটাইতকৈ নিকৃষ্ট পাত্ৰটো হৈছে মানুহৰ পেট। কেৱল মেৰুদণ্ড পোনকৈ ৰাখিবলৈ যিখিনি খোৱাৰ প্ৰয়োজন কেৱল সেইখিনি ভক্ষণ কৰাটোৱে আদম সন্তানৰ বাবে যথেষ্ট। যদি ইয়াতকৈ বেছি খাবলগীয়াই হয় তেন্তে (পাকস্থলীৰ) এক তৃতীয়াংশক খাদ্যৰ বাবে আৰু এক তৃতীয়াংশক পানীৰ বাবে আৰু এক তৃতীয়াংশক উশাহ-নিশাহ লোৱাৰ বাবে ব্যৱহাৰ কৰা উচিত।"
ছহীহ ইমাম আহমদ, তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।