Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 85 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
"হাছান আৰু হুছেইন হৈছে জান্নাতৰ যুৱকসকলৰ চৰ্দাৰ।"
ছহীহ (তিৰমিজী, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া শৌচালয়ৰ পৰা ওলাইছিল তেতিয়া কৈছিলঃ "গুফৰানাকা"। (হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ)।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যেতিয়াই কোনো মুছলিমে কোনো দুআ কৰে, যদি সেই দুআটোত কোনো গুনাহ নাথাকে, অথবা সেইটো আত্মীয়তাৰ বন্ধন ছিন্ন কৰাৰ বাবে নহয়, তেন্তে আল্লাহে সেই দুআৰ বিনিময়ত তাক এই তিনিটা বিষয়ৰ যিকোনো এটা প্ৰদান কৰে। ১- হয়তো লগে লগে তাৰ দুআ কবূল কৰে, ২- নাইবা আখিৰাতৰ বাবে সেইটো জমা কৰি ৰাখে, ৩- অথবা সেই পৰিমাণ কোনো বিপদ-আপদ দূৰ কৰি দিয়ে।" চাহাবাসকলে ক'লেঃ তেনেহ'লে আমি আৰু বেছি পৰিমাণে কৰিম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে আল্লাহেও অধিক প্ৰদান কৰিব।"
ছহীহ (আহমদ)
দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
ছহীহ নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)