Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 85 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া হুনাইনৰ যুদ্ধলৈ গৈ আছিল, তেতিয়া তেখেতে মুশ্বৰিকসকলৰ ভক্তিমূলক এটা গছৰ ওচৰেৰে গৈ আছিল, যাৰ নাম আছিলঃ জাতু আনৱাত, সেই গছত মুশ্বৰিকসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰ ওলোমাই ৰাখিছিল (এইটো সিহঁতে নিজৰ ভক্তিৰ উদ্দেশ্যে কৰিছিল)। এই দেখি (নতুনকৈ ইছলাম গ্ৰহণ কৰা) চাহাবাসকলে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ বাবেও এখন জাতু আনৱাত নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ জাতু আনৱাত আছে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ, এইটো দেখোন তেনেকুৱাই কথা যিদৰে মুছাৰ সম্প্ৰদায়ে কৈছিলঃ {আমাৰ বাবেও এনেকুৱা উপাস্য নিৰ্ধাৰণ কৰি দিয়ক, যিদৰে সিহঁতৰ উপাস্য আছে।} (ছুৰা আল-আৰাফঃ ১৩৮) শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, নিশ্চয় তোমালোকেও পূৰ্বৱৰ্তী উম্মতৰ পথতে চলিবা বুলি অনুমান হয়।"
ছহীহ (তিৰমিজী, আহমদ)
"তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
ছহীহ (তিৰমিজী, আহমদ)
মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
"যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"
ছহীহ (আহমদ)
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
"(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)