Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 28 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।"
হাছান (আবু দাঊদ)
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।"
হাছান (আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)