Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কাম সম্পৰ্কে অৱগত কৰক, যিটোৱে মোক জান্নাতত লৈ যাব আৰু জাহান্নামৰ পৰা আঁতৰত ৰাখিব। তেখেতে ক’লে: তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ ছওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? ছওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে মানুহৰ গভীৰ ৰাতিত ছালাত আদায় কৰাও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।"
ছহীহ (বুখাৰী)
"ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।"
ছহীহ (তিৰমিজী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ খুৰাক ক'লেঃ আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম। তেওঁ কৈছেঃ কুৰাইশ্বসকলে যদি এই কথা কৈ মোক নিন্দা নকৰিলেহেঁতেন যে, আবু তালিব ভয়তে এই কথা স্বীকাৰ কৰিছে, তেন্তে নিশ্চয় মই ইয়াক স্বীকাৰ কৰি তোমাৰ চকু জুৰ পেলালোহেঁতেন। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {إِنَّكَ لا تَهْدِي مَنْ أَحْبَبْتَ وَلَكِنَّ اللهَ يَهْدِي مَنْ يَشَاءُ } [القصص: 56] নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায়। (ছুৰা ক্বাচাচঃ ৫৬)
ছহীহ (মুছলিম)
এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, তেনেতে এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি প্ৰৱেশ কৰিলে, আৰু মছজিদ প্ৰাঙ্গনত উট ৰখাই বান্ধিলে। ইয়াৰ পিছত চাহাবাসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই সময়ত তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি ক'লোঃ এই যে, আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, কোৱা কি ক'বলগীয়া আছে মই তোমাৰ উত্তৰ দি আছোঁ। সেই ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কিছু কঠোৰতা অৱলম্বন কৰিম, কিন্তু আপুনি বেয়া নাপাব বা মোৰ প্ৰতি অসন্তুষ্ট নহ'ব। তেখেতে ক'লেঃ তোমাৰ যি সুধিবলগীয়া আছে সোধা। তেওঁ ক'লেঃ মই প্ৰথমেই সেই সত্ত্বাৰ শপত খাইছোঁ যিজন আপোনাৰ প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক, আপোনাক আল্লাহে গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ প্ৰশ্ন কৰি ক'লেঃ আল্লাহৰ শপত খাই কৈছোঁ, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ হয় নিশ্চয়, আল্লাহ সাক্ষী আছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, বছৰৰ এই (ৰমাজান) মাহত ৰোজা পালন কৰিবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা জাকাত গ্ৰহণ কৰি অভাৱী দৰিদ্ৰ মানুহৰ মাজত ভগাই দিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। উত্তৰ পাই ব্যক্তিজনে ক'লেঃ আপুনি যি বাৰ্তা লৈ প্ৰেৰিত হৈছে মই তাৰ ওপৰত ঈমান আনিলোঁ। মই মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আগমন কৰিছোঁ। মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})