Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 37 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! মই ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে (ছোৱাবৰ নিয়তেৰে) চাদাক্বাহ কৰিছিলোঁ, দাস মুক্ত কৰিছিলোঁ, আত্মীয়তাৰ সম্পৰ্ক অটুট ৰাখিছিলোঁ, গতিকে সেইবোৰৰ বাবে মই ছোৱাব পামনে? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তুমি সেইবোৰ ভাল কাম কৰাৰ কাৰণেই ইছলাম গ্ৰহণ কৰিব পাৰিছা। (তুমি সেইবোৰ কামৰ ছোৱাব নিশ্চয় পাবা।)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
ছহীহ (মুছলিম)
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
"এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)ক সুধিলে: আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ, আৰু ইয়াতকৈ বেছি একো নকৰোঁ, তেনেহ’লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেখেতে ক’লে: হয়।"
ছহীহ (মুছলিম)
"কোনেও যেন কাকো ফাছিক্ব বুলি গালি নিদিয়ে অথবা কুফৰৰ অপবাদ নিদিয়ে। কাৰণ এই বৈশিষ্ট্য যদি তাৰ ভিতৰত নাথাকে তেন্তে সেই অপবাদ দিয়া ব্যক্তিলৈ সেইটো উভতি আহে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"চাৰিটা দোষ যাৰ ভিতৰত আছে, সি হৈছে প্ৰকৃত মুনাফিক। যাৰ মাজত এই চাৰিটা দোষৰ যিকোনো এটা আছে, সি সেইটো পৰিত্যাগ নকৰালৈকে তাৰ ভিতৰত মুনাফিকৰ এটা স্বভাৱ থাকি যায়। (সেই দোষ চাৰিটা হৈছে) যেতিয়া সি কথা কয়, মিছা মাতে, আৰু যেতিয়া সন্ধি বা চুক্তি কৰে তেতিয়া সেয়া অমান্য কৰে, এইদৰে যেতিয়া প্ৰতিশ্ৰুতি দিয়ে তেতিয়া ভঙ্গ কৰে, লগতে কাজিয়া লাগিলে গালি শপনি পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমাৰ (মুছলিম) আৰু সিহঁতৰ (অমুছলিমৰ) মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ, নাছায়ী, আহমদ)
"(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)