Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 21 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"ক্বিয়ামতৰ দিনা বান্দাৰ ভৰি তেতিয়ালৈকে আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে তাক এই কেইটা প্ৰশ্ন কৰা নহ'ব। তাৰ আয়ুস সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যয় কৰিছে। তাৰ জ্ঞান সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক ক'ত ব্যৱহাৰ কৰিছে, তাৰ ধন-সম্পদ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি এইবোৰ কেনেকৈ উপাৰ্জন কৰিছিল আৰু ক'ত ব্যয় কৰিছিল, লগতে তাৰ শৰীৰ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব, সি ইয়াক কেনেকৈ কামত লগাইছে।"
ছহীহ (তিৰমিজী)
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
হাছান (তিৰমিজী, ইবনে মাজাহ)
"কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।" মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল, তেতিয়া নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰিব নেকি?" তেখেতে ক'লে: "হে আঈশ্বা, পৰিস্থিতি ইমান ভয়ংকৰ হ'ব যে, ইজনে সিজনৰ প্ৰতি চোৱাতো দূৰৈৰ কথা, (কল্পনা কৰাও সম্ভৱ নহয়)।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আজান শুনাৰ পিছত যিয়ে এই দুআ পাঠ কৰিবঃ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ আল্লাহুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ। অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। কিয়ামতৰ দিনা তাৰ বাবে মোৰ শ্বাফাআত ওৱাজিব হৈ পৰে।"
ছহীহ (বুখাৰী)
"তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।
ছহীহ (মুছলিম)