عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (22)
ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত বাৰে বাৰে নিজৰ চাদৰখনেৰে মুখমণ্ডল ঢাকি লৈছিল। কিন্তু যেতিয়াই তেখেতে অসুবিধা অনুভৱ কৰিছিল, তেতিয়াই সেইটো আঁতৰাই দিছিল। সেই অৱস্থাতে তেখেতে কৈছিল, ‘‘ইয়াহুদী, খৃষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে নিজৰ নবীসকলৰ কবৰসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ ইয়াৰ দ্বাৰা তেখেতে সিহঁতৰ সেই কৰ্মৰ পৰা সতৰ্ক কৰিছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কিছুমান বিষয়ত কথা পাতিলে, তাৰ পিছত ক'লেঃ আল্লাহৰ যি ইচ্ছা আৰু আপোনাৰ যি ইচ্ছা। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি মোক আল্লাহৰ সমকক্ষ কৰি দিলা নেকি? কোৱা: অকল আল্লাহৰ যি ইচ্ছা।"
ইয়াৰ চনদ হাছান পৰ্যায়ৰ رواه ابن ماجه والنسائي في الكبرى وأحمد
মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।
ছহীহ (মুছলিম)
প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য কোনে কোনে লাভ কৰিব? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! হাদীছৰ প্ৰতি মই তোমাৰ আগ্ৰহ দেখিয়ে গম পাইছিলোঁ যে, এই বিষয়ে সৰ্বপ্ৰথম তুমিয়ে সুধিবা। শুনা, কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।
ছহীহ (বুখাৰী)
মোক আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তোমাক সেই অভিযানলৈ নপঠিয়ামনে, যি অভিযানলৈ স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক প্ৰেৰণ কৰিছিল? তেখেতে মোক আদেশ দিছিল যে, তুমি য'তে কোনো প্ৰতিমা দেখিবা সেইটোক নিঃশেষ কৰিবা, আৰু য'তেই কোনো ওখ কবৰ দেখা পাবা, সেইটোক সমতল ভূমিত পৰিণত কৰিবা।
ছহীহ (মুছলিম)
"তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।"
ছহীহ (মুছলিম)
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ। আমাৰ মাজত আবূ বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাও আছিল। হঠাৎ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজৰ পৰা উঠি ওলাই গ'ল, আৰু বহুত সময় হ'ল তেখেত উভতি নাহিল। ফলত আমি ভীত-সন্ত্ৰস্ত হৈ পৰিলোঁ যে, আমাৰ অনুপস্থিতিত তেখেত কোনো বিপদত পৰিল নেকি। লগতে আমি আতংকিত হৈ থিয় হ'লোঁ। আতংকিত হোৱাসকলৰ মাজত ময়ে প্ৰথম আছিলোঁ। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্ধানত ওলাই পৰিলোঁ। অৱশেষত মই আনচাৰীসকলৰ বনূ নাজ্জাৰ গোত্ৰৰ এখন বাগানৰ ওচৰলৈ আহি পালোঁ।
মই বাগানখনৰ চাৰিওফালে ঘূৰিলোঁ, ক'তো কোনো প্ৰৱেশদ্বাৰ বিচাৰি নাপালোঁ। হঠাৎ দেখিলোঁ যে, বাহিৰৰ কুঁৱাৰ পৰা এটা 'ৰবি' (ঝৰণা, প্ৰণালী বা নলা) বাগানৰ ভিতৰ ভাগলৈ সোমাই গৈছে। মই নিজৰ গা গুটাই সংকুচিত কৰি প্ৰণালীৰ পথেৰে সোমাই গৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষাৎ কৰিলোঁ। তেখেতে ক'লে, 'আবূ হুৰাইৰাহ!' মই উত্তৰ দিলোঁ, 'হয়, হে আল্লাহৰ ৰাছুল!' তেখেতে ক'লেঃ 'তোমাৰ কি হৈছে?' মই ক'লোঁ, 'আপুনি আমাৰ মাজত বহি আছিল। তাৰ পিছত আমাৰ মাজৰ পৰা গুচি আহিল। আপুনি উভতি নহাত আমি আতংকিত হৈ পৰিলোঁ যে, আমাৰ অবর্তমানত আপুনি কোনো বিপদত পৰিল নেকি? এই আশংকাত আমি সকলোৱে ভীত-সন্ত্ৰস্ত হৈ পৰিছিলোঁ। প্ৰথমে ময়ে এই আশংকাত আতংকিত হৈছিলোঁ। ফলত আপোনাক বিচাৰি বিচাৰি এই বাগানখনত আহি উপস্থিত হৈছোঁ। ইয়াত (প্ৰৱেশ কৰাৰ কোনো দুৱাৰ বিচাৰি নোপোৱাত) মই শিয়ালৰ দৰে সংকুচিত হৈ এটা নলাৰে প্ৰৱেশ কৰিছোঁ। লগতে তেওঁলোকেও মোৰ পিছে পিছে আহি আছে।'
ইয়াৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক তেখেতৰ জোতা যোৰ দি ক'লে, 'হে আবূ হুৰাইৰাহ!' "তুমি মোৰ এই জোতা যোৰ লগত লৈ যোৱা আৰু বাগানখনৰ বাহিৰত যাকে লগ পাবা, তেওঁ যদি দৃঢ় বিশ্বাসৰ সৈতে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেন্তে তেওঁক জান্নাতৰ সুসংবাদ দিয়া।"
আবূ হুৰাইৰাই কৈছে, ওলাই আহি প্ৰথমে মোৰ ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে সাক্ষাৎ হ'ল। তেওঁ ক'লে, 'হে আবূ হুৰাইৰাহ! এই জুতা যোৰ তোমাৰ ওচৰত কিয়?' মই ক'লোঁ, 'এইযোৰ হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোতা। তেখেতে মোক এই জোতাযোৰ এই কাৰণে দি পঠিয়াইছে যে, যাৰ সৈতে মোৰ সাক্ষাৎ হ'ব, তেওঁ যদি আন্তৰিকভাৱে দৃঢ় বিশ্বাস কৰি সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তাক যেন মই জান্নাতৰ সুসংবাদ দিওঁ।' এই কথা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে মোৰ বুকুত এনেকৈ জোৰে আঘাত কৰিলে যে, মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ ক'লে, হে আবূ হুৰাইৰাহ! তুমি উভতি যোৱা।'
ইয়াৰ পিছত মই কান্দি কান্দি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খিদমতত আহি উপস্থিত হ'লোঁ। পিছে পিছে ওমৰ ৰাদ্বিয়াল্লাহু আনহুও আহি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে আবূ হুৰাইৰাহ! তোমাৰ কি হৈছে?' মই ক'লোঁ, 'ওমৰৰ সৈতে মোৰ সাক্ষাৎ হোৱাত, আপুনি যি কৈ মোক পঠাইছিল, মই সেয়া ওমৰক ক'লোঁ। তেওঁ এই শুনি মোৰ বুকুত গঁতা মাৰিলে, ফলত মই পিছফালে পৰি গ'লোঁ। লগতে তেওঁ মোক উভতি আহিবলৈ ক'লে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, 'হে ওমৰ! আপুনি কি কাৰণত এইটো কৰিছিল?'
তেওঁ ক'লে: 'হে আল্লাহৰ ৰাছুল! আপোনাৰ ওপৰত মোৰ পিতৃ-মাতৃ কুৰবান হওক। আপুনি আপোনাৰ জোতা যোৰ আবূ হুৰাইৰাক এই কথাৰ প্ৰমাণ হিচাপে দি পঠিয়াইছিল নেকি যে, তেওঁৰ সৈতে সাক্ষাৎ হোৱা প্ৰত্যেক সেই ব্যক্তিক যেন জান্নাতৰ সুসংবাদ দিয়ে, যিয়ে সৰ্বান্তঃকৰণে এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই? তেখেতে ক'লে, 'হয়।' তেতিয়া ওমৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ক'লেঃ 'এনেকুৱা নকৰিব। কাৰণ মোৰ আশংকা হয় যে, মানুহে (আমল বৰ্জন কৰি) ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব। গতিকে মানুহক আমল কৰাৰ সুযোগ দিয়ক। এই কথা শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "ঠিক আছে, তেনেহ'লে সিহঁতক এৰি দিয়া।"
ছহীহ (মুছলিম)