Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 22 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"
ছহীহ (মুছলিম)
"সীমালংঘনকাৰীসকল ধ্বংস হওক।" এই কথাষাৰ তেখেতে তিনিবাৰ কৈছে।
ছহীহ (মুছলিম)
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত নজন নাইবা আঠজন অথবা সাতজন লোক উপস্থিত আছিলোঁ। তেনেতে তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" অথচ আমি কিছুদিন পূৰ্বেই তেখেতৰ ওচৰত বাইআত গ্ৰহণ কৰিছিলোঁ। সেয়ে আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ। তেখেতে আকৌ ক'লেঃ "তোমালোকে আল্লাহৰ ৰাছুলৰ ওচৰত বাইআত গ্ৰহণ নকৰিবানে?" বৰ্ণনাকাৰীয়ে কৈছে, তেতিয়া আমি নিজৰ হাত প্ৰসাৰিত কৰি দিলোঁ আৰু ক'লোঁ, হে আল্লাহৰ ৰাছুল! আমি দেখোন আপোনাৰ ওচৰত বাইআত গ্ৰহণ কৰিছোঁ, এতিয়া আকৌ কিহৰ বাইআত লম? তেখেতে ক'লেঃ "এই কথাৰ প্ৰতিশ্ৰুতি দিয়া যে, একমাত্ৰ আল্লাহৰেই ইবাদত কৰিবা, তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। পাঁচ ওৱাক্ত নামাজ নিয়মিত আদায় কৰিবা, আনুগত্য কৰিবা, -ইয়াৰ পিছত তেখেতে এটা কথা একেবাৰে লাহে লাহে ক'লে যে-, মানুহৰ ওচৰত একো নুখুজিবা।" বৰ্ণনাকাৰীয়ে কৈছেঃ উক্ত লোকসকলৰ মই কিছুমানক দেখিছোঁ, তেওঁলোকৰ কাৰোবাৰ উটৰ পিঠিৰ পৰা চাবুক পৰি গ'লেও তেওঁলোকে কাকো উঠাই দিবলৈও কোৱা নাছিল।
ছহীহ (মুছলিম)
(ৰহমতৰ) ফিৰিস্তা সেই ঘৰত প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱ-জন্তুৰ) ছবি আছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক, সিহঁতে সিহঁতৰ নবীসকলৰ সমাধিসমূহক উপাসনালয়ত পৰিণত কৰিছে।’’ তেওঁ কৈছেঃ এইটো আশংকা নাথাকিলে তেখেতৰ কবৰক উন্মুক্ত ৰখা হ’লহেঁতেন। কিন্তু তেখেতে আশংকা কৰিছিল যে, তেখেতৰ কবৰক ছাজদাৰ স্থানত পৰিণত কৰা হ’ব পাৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মহান আল্লাহে কৈছেঃ মই সকলো অংশীদাৰৰ অংশীদাৰিত্ব [শ্বিৰ্ক]ৰ পৰা মুক্ত। যদি কোনোবাই এনেকুৱা কোনো আমল কৰে য'ত সি মোৰ সৈতে আন কাৰোবাক অংশীদাৰ কৰিছে, তেনেহ'লে মই তাক আৰু তাৰ শ্বিৰ্কক বৰ্জন কৰোঁ।
ছহীহ (মুছলিম)
"মহান আল্লাহে কিয়ামতৰ দিনা জাহান্নামত একেবাৰে লঘু শাস্তি লাভ কৰা ব্যক্তিক ক'বঃ পৃথিৱীত থকা সকলো বস্তু যদি তোমাৰ হ'লহেঁতেন, তেন্তে এই শাস্তিৰ পৰা মুক্তি পাবলৈ তুমি সেই সকলোবোৰ বস্তু মুক্তিপণ হিচাপে দিলাহেঁতেন নে? সেই ব্যক্তিজনে ক'বঃ হয়। তেতিয়া আল্লাহে ক'বঃ তুমি যেতিয়া আদমৰ পিঠিত আছিলা, তেতিয়া মই তোমাৰ পৰা ইয়াতকৈও অতি সহজ এটা বস্তু বিচাৰিছিলোঁ যে, তুমি মোৰ লগত শ্বিৰ্ক নকৰিবা, কিন্তু তথাপিও তুমি মোৰ লগত শ্বিৰ্ক কৰিছা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কথা কৈছে আৰু ময়ো এটা কথা কৈছোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।” ইয়াৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ, তেন্তে যিয়ে আল্লাহৰ বাহিৰে আন কাকো তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰা নাই, সি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})