Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
"আমি হৈছোঁ সৰ্বশেষ উম্মত, কিন্তু সৰ্বপ্ৰথম আমাৰেই হিচাপ গ্ৰহণ কৰা হ'ব। ঘোষণা হ'বঃ উম্মী নবীৰ উম্মত আৰু সিহঁতৰ নবীজন ক'ত? সেয়ে আমি হৈছোঁ (পৃথিৱীলৈ আগমনৰ ক্ষেত্ৰত) সৰ্বশেষ, তথা (জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত) সৰ্বপ্ৰথম।"
ছহীহ (ইবনে মাজাহ)
কিয়ামতৰ দিনা আল্লাহে মোৰ উম্মতৰ এজন ব্যক্তিক গোটেই সৃষ্টিজগতৰ সন্মুখত পৃথককৈ উপস্থিত কৰিব। তেওঁ সেই ব্যক্তিৰ সন্মুখত নিৰানব্বৈটাকৈ আমলনামাৰ ৰেজিষ্টাৰ উন্মুক্ত কৰিব, প্ৰতিটো ৰেজিষ্টাৰৰ দৈৰ্ঘ্য হ'ব দৃষ্টিৰ সীমা পৰ্যন্ত। ইয়াৰ পিছত তেওঁ তাক সুধিব, এইবোৰৰ মাজৰ কোনো এটা (গুনাহ)ক তুমি অস্বীকাৰ কৰা নেকি? মোৰ লেখক ফিৰিস্তাসকলে তোমাৰ ওপৰত কোনো অন্যায় কৰিছে নেকি? সি ক'বঃ নহয়, হে মোৰ প্ৰতিপালক। তেওঁ আকৌ সুধিবঃ তোমাৰ কোনো অভিযোগ আছে নেকি? সি ক'বঃ কোনো অভিযোগ নাই, হে মোৰ প্ৰতিপালক। তেতিয়া তেওঁ ক'বঃ আমাৰ ওচৰত তোমাৰ এটা নেকী আছে। আজি তোমাৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব। ইয়াৰ পিছত এখন কাৰ্ড উলিওৱা হ'ব। য'ত লিখা থাকিব- أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। তাৰ পিছত তেওঁ তাক ক'বঃ তুমি তুলাচনীৰ ওচৰলৈকে যোৱা। তেতিয়া সেই ব্যক্তিয়ে ক'বঃ হে মোৰ প্ৰতিপালক! ইমানবোৰ ৰেজিষ্টাৰৰ বিপৰীতে এই কাৰ্ডখনৰ কি ওজন হ'ব পাৰে? তেওঁ ক'বঃ তোমাৰ ওপৰত আজি কোনো ধৰণৰ অন্যায় কৰা নহ'ব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ইয়াৰ পিছত সেই ৰেজিষ্টাৰবোৰক এটা পাল্লাত দিয়া হ'ব আৰু সেই কাৰ্ডখনক আনটো পাল্লাত দিয়া হ'ব, ফলত ৰেজিষ্টাৰৰ পাল্লা পাতল হ'ব আৰু কাৰ্ড থকা পাল্লাটো গধূৰ হ'ব। (জানি থোৱা) আল্লাহৰ নামতকৈ অধিক গধূৰ আন কোনো বস্তু হ'ব নোৱাৰে।
ছহীহ (তিৰমিজী, ইবনে মাজাহ)
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
হাছান (তিৰমিজী, ইবনে মাজাহ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিষয় বৰ্ণনা কৰিলে আৰু তাৰ পিছত ক'লেঃ এইটো ইল্ম উঠাই লোৱাৰ সময়ত সংঘটিত হ'ব। তেতিয়া মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! ইল্ম কেনেকৈ উঠাই লোৱা হ'ব? অথচ আমি কোৰআন পঢ়ি আছোঁ আৰু আমাৰ সন্তানসকলকো কোৰআন পঢ়াই আছোঁ, এইদৰে আমাৰ সন্তানসকলে তেওঁলোকৰ সন্তানসকলক শিকাব, আৰু এই ধাৰাবাহিকতা ক্বিয়ামত পৰ্যন্ত থাকিব, (তেনেস্থলত ইল্ম কেনেকৈ উঠাই লোৱা হ'ব?) তেখেতে ক'লেঃ হে ঝিয়াদ! তোমাৰ মাকে তোমাক হেৰুৱাওক (এইটো আৰবী ভাষাৰ এটা প্ৰবাদ)। মই তোমাক মদীনাৰ এজন বিজ্ঞ তথা জ্ঞানী ব্যক্তি বুলি ভাবিছিলোঁ। কোৱাচোন, এই ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্ম গ্ৰন্থ অধ্যয়ন নকৰেনে? কিন্তু তথাপিও সিহঁতে তাত থকা বিধান সম্পৰ্কে একো নাজানে।
ছহীহ লি গাইৰিহ (ইবনে মাজাহ)