Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 18 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব, কেৱল সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব", চাহাবাসকলে সুধিলে- হে আল্লাহৰ ৰাছুল, কোনে অস্বীকাৰ কৰিব? তেখেতে ক'লেঃ যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে মোৰ অবাধ্যতা কৰিব, সেইজনহে দৰাচলতে অস্বীকাৰ কৰিব।
ছহীহ (বুখাৰী)
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই। এক মাহ পথৰ দূৰত্বৰ পৰা (কাফিৰ-মুশ্বৰিকসকলৰ অন্তৰত) আতংক (সৃষ্টি)ৰ দ্বাৰা মোক সহায় কৰা হৈছে। মোৰ বাবে সমগ্ৰ ভূ-পৃষ্ঠক পৱিত্ৰকাৰী আৰু ছাজদাৰ স্থান বনাই দিয়া হৈছে। এতেকে মোৰ উম্মতৰ কোনো ব্যক্তিয়ে যেতিয়া ছালাতৰ সময়ত উপনীত হ'ব, সি তেতিয়াই সেই ঠাইতেই ছালাত আদায় কৰিব। মোৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল কৰা হৈছে, ইতিপূৰ্বে আন কোনো উম্মতৰ বাবে সেয়া হালাল নাছিল। মোক শ্বাফাআতৰ অনুমতি দিয়া হৈছে। এইদৰে আন আন নবীসকলক কেৱল নিজ নিজ সম্প্ৰদায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, কিন্তু মোক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“সেই সত্ত্বাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান, মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো যদি সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী হ'ব।”
ছহীহ (মুছলিম)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে। অচিৰেই তোমালোকৰ মাজলৈ (ঈছা) ইবনে মৰিয়ম ন্য়ায়পৰায়ণ শাসক হিচাপে অৱতৰণ কৰিব। তেওঁ আহি ক্ৰচ ভাঙি পেলাব, গাহৰি বধ কৰিব, কৰ নিঃশেষ কৰিব। সম্পদৰ প্ৰাচুৰ্যতা ইমান বাঢ়িব যে, কোনেও সেয়া গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মই যেতিয়া কোনো বিষয়ত তোমালোকক নিষেধ কৰোঁ, তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু যদি কোনো বিষয়ৰ আদেশ দিওঁ তেন্তে সেইটো সাধ্যানুসাৰে বাস্তৱায়ন কৰিবা। কিয়নো তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলে নবীসকলক বেছি বেছি প্রশ্ন কৰাৰ বাবে আৰু নবীসকলৰ লগত মতভেদ কৰাৰ বাবেই ধ্বংস হৈছিল।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"প্ৰত্যেক নবীকেই তেওঁৰ যুগৰ প্ৰয়োজন মুতাবিক কিছুমান মুজিঝা প্ৰদান কৰা হৈছিল, যিবোৰ দেখি মানুহে তেওঁৰ ওপৰত ঈমান আনিছিল। পক্ষান্তৰে মোক যি মুজিঝা প্ৰদান কৰা হৈছে, সেয়া হৈছে অহী, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে, (অৰ্থাৎ কোৰআন)। গতিকে মই আশা কৰোঁ কিয়ামতৰ দিনা তেওঁলোকৰ অনুসাৰীসকলৰ তুলনাত মোৰ অনুসাৰীসকলৰ সংখ্যা অধিক হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})