Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 13 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মই তোমালোকক যিটো বিষয় বৰ্ণনা নকৰাকৈ এৰি দিছোঁ, তেনেকুৱা বিষয়ৰ ক্ষেত্ৰত তোমালোকে মোকো এৰি দিয়া (অযথা প্ৰশ্ন নকৰিবা)। কাৰণ তোমালোকৰ পূৰ্বৱৰ্তীসকলে অযথা প্ৰশ্ন আৰু তেওঁলোকৰ নবীসকলৰ সৈতে মতভেদ কৰাৰ কাৰণে ধ্বংস হৈছে। যেতিয়া মই তোমালোকক কোনো বিষয়ৰ পৰা নিষেধ কৰোঁ তেতিয়া তোমালোকে সেইটোৰ পৰা বিৰত থাকিবা, আৰু মই যেতিয়া কোনো বিষয়ৰ আদেশ দিওঁ তেতিয়া তোমালোকে সেইটো কৰিবলৈ যথাসাধ্য চেষ্টা কৰিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সূৰ্য্য উদয় হোৱা দিনসমূহৰ মাজত উত্তম দিন হৈছে জুমুআৰ দিন। জুমুআৰ দিনাই আদমক সৃষ্টি কৰা হৈছে আৰু এই দিনাই তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা হৈছিল, আৰু জুমুআৰ দিনাই তেওঁক তাৰ পৰা বহিষ্কাৰ কৰা হৈছে, আৰু জুমুআৰ দিনাই ক্বিয়ামত সংঘটিত হ'ব।"
ছহীহ (মুছলিম)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোক এনেকুৱা পাঁচটা বস্তু প্ৰদান কৰা হৈছে যিবোৰ মোৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাই। এক মাহ পথৰ দূৰত্বৰ পৰা (কাফিৰ-মুশ্বৰিকসকলৰ অন্তৰত) আতংক (সৃষ্টি)ৰ দ্বাৰা মোক সহায় কৰা হৈছে। মোৰ বাবে সমগ্ৰ ভূ-পৃষ্ঠক পৱিত্ৰকাৰী আৰু ছাজদাৰ স্থান বনাই দিয়া হৈছে। এতেকে মোৰ উম্মতৰ কোনো ব্যক্তিয়ে যেতিয়া ছালাতৰ সময়ত উপনীত হ'ব, সি তেতিয়াই সেই ঠাইতেই ছালাত আদায় কৰিব। মোৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল কৰা হৈছে, ইতিপূৰ্বে আন কোনো উম্মতৰ বাবে সেয়া হালাল নাছিল। মোক শ্বাফাআতৰ অনুমতি দিয়া হৈছে। এইদৰে আন আন নবীসকলক কেৱল নিজ নিজ সম্প্ৰদায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, কিন্তু মোক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“সেই সত্ত্বাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, এই উম্মতৰ যি ব্যক্তিয়েই মোৰ বিষয়ে শুনিব সি ইয়াহুদী হওক অথবা খ্ৰীষ্টান, মোৰ আগমনৰ সংবাদ পোৱাৰ পিছতো যদি সি সেইবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰাকৈ মৃত্যুবৰণ কৰে যিবোৰ বিষয় প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে তেন্তে সি নিশ্চিতভাৱে জাহান্নামী হ'ব।”
ছহীহ (মুছলিম)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।