Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 35 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মানুহে যেতিয়া অন্যায়কাৰীক অন্যায় কৰা দেখিও তাৰ প্ৰতিৰোধ বা প্ৰতিবাদ নকৰিব, (তেন্তে জানি থোৱা) শীঘ্ৰেই সিহঁত আটায়েৰে ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
হাওলা বিন্তে তুৱাইত ইবনে হাবীব ইবনে আছাদ ইবনে আব্দিল উজ্জা তেওঁৰ ওচৰত আছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অহাৰ লগে লগে তাই উঠি গুচি গ'ল। (তেওঁ কৈছে) মই ক'লোঁ: 'এইজনী হৈছে হাওলা বিন্তে তুৱাইত। তেওঁৰ বিষয়ে লোকসকলৰ ধাৰণা যে, তেওঁ ৰাতি নুশুৱে।' তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "তাই ৰাতি নুশুৱে? তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোনো অত্যাচাৰী শাসকৰ সন্মুখত ন্যায় কথা কোৱাটোও হৈছে জিহাদৰ এটা অন্যতম ডাঙৰ প্ৰকাৰ।"
হাছান লিগাইৰিহি। (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
“অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”
ছহীহ (মুছলিম)
“তোমালোকৰ মাজৰ যিয়ে কোনো অন্যায় দেখা পাাইছে, সি যেন নিজৰ হাতৰ দ্বাৰা সেইটোক পৰিবৰ্তন কৰে, যদি এইটো কৰিব নোৱাৰে তেন্তে জিভাৰ দ্বাৰা অৰ্থাৎ মৌখিকভাৱে যেন বাধা দিয়ে, আৰু যদি সি এইটোও কৰিব নোৱাৰে তেন্তে সি অন্তৰৰ দ্বাৰা ইয়াক পৰিবৰ্তন (কৰাৰ পৰিকল্পনা) কৰা উচিত। এইটো হৈছে ঈমানৰ সৰ্বনিম্ন স্তৰ।”
ছহীহ (মুছলিম)
যেতিয়া বান্দা অসুস্থ হয় অথবা ভ্ৰমণত থাকে, তেতিয়া তাৰ বাবে সেই আমলৰ দৰেই (ছোৱাব) লিখা হয়, যিদৰে তেওঁ মুকীম অৱস্থাত সুস্থ শৰীৰে আমল কৰিছিল।
ছহীহ (বুখাৰী)
"তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল। সেই যাদুকৰজন বৃদ্ধ অৱস্থাত উপনীত হোৱাত, তেওঁ ৰজাক ক'লে যে, মই বৃদ্ধ বয়সত উপনীত হৈছোঁ, সেয়েহে কোনো এজন যুৱকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক, যাতে মই তাক যাদুবিদ্যা শিকাই থৈ যাব পাৰোঁ। এই কথা শুনি ৰজাই এজন যুৱকক তাৰ ওচৰত যাদুবিদ্যা শিকিবলৈ পঠিয়াব ধৰিলে। যুৱকজনৰ যাত্ৰাপথত এজন ধৰ্মযাজক আছিল। যুৱকজনে যেতিয়া সেই পথেৰে গৈছিল, তেতিয়া সেই ধৰ্মযাজকজনৰ ওচৰত বহিছিল আৰু তেওঁৰ কথা শুনিছিল। যুৱকজনে তেওঁৰ কথা শুনি মুগ্ধ হ'ল। সেয়ে যুৱকজনে যেতিয়াই যাদুকৰৰ ওচৰলৈ গৈছিল, যোৱাৰ সময়ত সদায় সেই ধৰ্মযাজকৰ ওচৰত বহিছিল। (কিন্তু পলম হোৱাৰ কাৰণে) যেতিয়া যাদুকৰৰ ওচৰলৈ আহিছিল, যাদুকৰজনে যুৱকজনক প্ৰহাৰ কৰিছিল। যুৱকজনে এই বিষয়টো ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া তেওঁ তাক উপায় প্ৰদান কৰি ক’লে যে, যদি তুমি যাদুকৰক ভয় পোৱা, তেন্তে ক’বা যে, ঘৰৰ মানুহে আহিব দিয়া নাছিল। আনহাতে যদি তুমি পৰিয়ালৰ ফালৰ পৰা আশংকা অনুভৱ কৰা, তেন্তে ক’বা, যাদুকৰে পলমকৈ ছুটি দিছে। এইদৰে চলি আছিল, এদিন হঠাৎ যুৱকজনে এটা ভয়ানক হিংস্ৰ প্ৰাণীৰ সন্মুখীন হ'ল, যিয়ে অহা যোৱা কৰা বাটৰুৱাৰ পথ অৱৰোধ কৰি ৰাখিছিল। এই অৱস্থা দেখি, সি মনে মনে ভাবিলে যে, আজিয়ে প্ৰমাণিত হ'ব, কোন উত্তম, যাদুকৰ নে ধৰ্মযাজক? ইয়াৰ পিছত যুৱকজনে এটা শিল হাতত লৈ ক’লে, হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজন যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয়, তেন্তে এই শিলৰ আঘাতত এই হিংস্ৰ প্ৰাণীটোক হত্যা কৰি পেলোৱা, যাতে মানুহে চলাচল কৰিব পাৰে। তাৰ পিছত সি সেই প্ৰাণীটোৰ ফালে লক্ষ্য কৰি সেই শিলটো নিক্ষেপ কৰিলে আৰু প্ৰাণীটো নিহত হ'ল। ফলত, মানুহে পুনৰ যাতায়াত আৰম্ভ কৰিলে। ইয়াৰ পিছত সেই যুৱকজনে ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ ঘটনা বিৱৰি ক’লে। তেতিয়া ধৰ্মযাজকজনে ক’লে, হে মোৰ প্ৰিয় শিষ্য! আজিৰ পৰা তুমি মোতকৈও শ্রেষ্ঠ। তোমাৰ মর্যাদা ইমান উচ্চ পৰ্যায়লৈ উপনীত হৈছে যে, তুমি শীঘ্ৰেই পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা, তেন্তে মোৰ কথা গোপন ৰাখিবা। ইপিনে যুৱকজনে আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠৰোগীসকলক আৰোগ্য প্ৰদান কৰিবলৈ ধৰিলে আৰু মানুহৰ বিভিন্ন বেমাৰ-আজাৰ নিৰাময় কৰিবলৈ ধৰিলে। ৰজাৰ পৰিষদবৰ্গৰ এজন ব্যক্তি অন্ধ হৈ পৰিছিল। তেওঁ এই সংবাদ শুনাৰ পিছত বহুতো উপহাৰ আৰু দান-দক্ষিণা লৈ যুৱকজনৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক’লে, তুমি যদি মোক আৰোগ্য প্ৰদান কৰিব পাৰা, তেন্তে এই সকলো সম্পদ তোমাক প্ৰদান কৰিম। এই কথা শুনি যুৱকজনে উত্তৰ দিলে যে, মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ, আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰিব পাৰে। তুমি যদি আল্লাহৰ ওপৰত ঈমান পোষণ কৰা, তেন্তে মই আল্লাহৰ ওচৰত দু’আ কৰিম, তেওঁ তোমাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওপৰত ঈমান আনিলে, ফলত আল্লাহে তেওঁক আৰোগ্য প্ৰদান কৰিলে। তাৰ পিছত, সেই ব্যক্তি গৰাকী অন্যান্য দিনৰ দৰে এদিন ৰজাৰ বৈঠকত আহি বহিল। ৰজাই তেওঁক প্ৰশ্ন কৰিলে যে, কোনে তোমাক তোমাৰ দৃষ্টিশক্তি ওভোতাই দিলে? তেওঁ ক'লে, মোৰ প্ৰতিপালকে। এই উত্তৰ শুনি ৰজাই পুনৰ প্ৰশ্ন কৰিলে। মোৰ বাহিৰে তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ উত্তৰ দিলে, মোৰ আৰু আপোনাৰ তথা সকলোৰে প্ৰতিপালক (ৰব্ব) হৈছে মহান আল্লাহ। এই উত্তৰ শুনি, ৰজাই তেওঁক বন্দী কৰি অবিৰাম শাস্তিৰ নিৰ্দেশ দিলে। অৱশেষত তেওঁ সেই যুৱকজনৰ বিষয়ে ৰজাক জনাই দিলে, আৰু তাৰ পিছত সেই যুৱকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল। ৰজাই যুৱকজনক সুধিলে, হে বালক! তোমাৰ যাদু এতিয়াই ইমান পৰ্যায়লৈ উপনীত হৈছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য প্ৰদান কৰিব পাৰা! যুৱকজনে ক'লে, মই কাকো আৰোগ্য দান কৰিব নোৱাৰোঁ। আৰোগ্য প্ৰদান কৰে কেৱল আল্লাহে। এই উত্তৰ শুনি, ৰজাই তাক কঠোৰ শাস্তি দিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি, যুৱকজনে অৱশেষত ধৰ্মযাজকৰ কথা ৰজাক জনাই দিলে। তাৰ পিছত, ধৰ্মযাজকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল আৰু তেওঁক কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এটা কৰত আনিবলৈ নিৰ্দেশ দিলে আৰু সেইটো তেওঁৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ দুফাল কৰি পেলালে। ইয়াৰ পিছত, সেই যুৱকজনকো উপস্থিত কৰা হ’ল, আৰু তাকো কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। সি অস্বীকাৰ কৰিলে। ফলত ৰজাই কেইজনমান লোকক নিৰ্দেশ দিলে যে, ইয়াক অমুক পৰ্বতলৈ লৈ যোৱা, আৰু ইয়াকলৈ সেই পৰ্বতৰ শৃংগত আৰোহণ কৰি ইয়াৰ পৰা স্বীকাৰোক্তি লোৱা, যদি ই নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে ভাল, নহ’লে ইয়াক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিবা। ইয়াৰ পিছত সিহঁতে তেওঁক লৈ সেই পৰ্বতত আৰোহণ কৰিলে। তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যিদৰে ইচ্ছা, সেইদৰে মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত পৰ্বত কঁপিবলৈ ধৰিলে, ফলত সিহঁত পাহাৰৰ পৰা তললৈ লুটি খাই পৰি গ’ল, আৰু যুৱকজন ৰক্ষা পৰিল। ইয়াৰ পিছত যুৱকজন পুনৰ ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল। ৰজাই তাক দেখি আশ্চৰ্য হৈ প্ৰশ্ন কৰিলে, তোমাৰ লগৰ বিলাক ক’ত? তেওঁ ক'লে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত ৰজাই আকৌ তেওঁৰ কিছুমান সহচৰৰ হাতত সেই যুৱকজনক সমৰ্পণ কৰি ক’লে, তোমালোকে ইয়াক নাৱত উঠাই সাগৰৰ মাজত লৈ যোৱা। তাৰ পিছতো যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে তোমালোকে ইয়াক সাগৰত নিক্ষেপ কৰিবা। সিহঁতে যুৱকজনক লগতলৈ সাগৰত গ’ল। যুৱকজনে পুনৰ আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা, তেনেকৈ মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত নাও ওলটি গ’ল। ফলত সিহঁত পানীত ডুবি মৰিল, আৰু যুৱকজন সিহঁতৰ পৰা ৰক্ষা পাই ৰজাৰ ওচৰলৈ উভতি আহিল। ৰজাই আচৰিত হৈ তেওঁক সুধিলে, তোমাৰ সহচৰসকল ক’ত? যুৱকজনে উত্তৰ দিলে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। তাৰ পিছত যুৱকজনে ৰজাক ক’লে যে, আপুনি মোক হত্যা কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মই দিয়া পদ্ধতি অনুসৰণ নকৰিব। ৰজাই সুধিলে, সেইটো আকৌ কি পদ্ধতি? যুৱকজনে ক’লে, এটা বৃহৎ ময়দানত আপুনি সকলো মানুহকে একত্ৰিত কৰক। তাৰ পিছত এটা কাঠৰ শূলত মোক ওলোমাই ৰাখক, আৰু মোৰ কাঁড় বাকচৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি উচ্চস্বৰে এইটো পাঠ কৰিব بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ")। যদি আপুনি এইটো পদ্ধতি অনুসৰণ কৰে, তেন্তে আপুনি মোক হত্যা কৰিব পাৰিব। ৰজাই যুৱকৰ কথা অনুসৰি সকলো মানুহকে একত্ৰিত কৰিলে আৰু তেওঁক কাঠৰ শূলত উঠাই দিলে। তাৰ পিছত যুৱকজনৰ কাঁড় বাকচৰ পৰা এটা কাঁড় লৈ ধেনুৰ মাজত ৰাখিলে আৰু উচ্চস্বৰে بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ") বুলি কৈ কাঁড় নিক্ষেপ কৰিলে। ফলত কাঁড়টো যুৱকজনৰ কাণৰ তলৰ অংশত গৈ লাগিল। যুৱকজনে কাঁড়বিদ্ধ স্থানত নিজৰ হাত ৰখাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি, উপস্থিত সকলো মানুহে একেলগে চিঞৰি উঠিল, آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ ("আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। এই দৃশ্য দেখি ৰজাৰ অনুগামীসকলে ৰজাক আহি জনালে যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে সত্যত পৰিণত হৈছে। সমগ্ৰ ৰাজ্যৰ মানুহে যুৱকজনৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। গাঁতসমূহ খনন কৰা হ’ল আৰু তাত অগ্নি প্রজ্বলিত কৰা হ’ল। ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। অথবা ৰজাই কৈছিল যে, সেই ব্যক্তি যেন নিজেই অগ্নিত জাঁপ মাৰে। লোকসকলে সেইটোৱে কৰিলে, অৰ্থাৎ নিজে নিজে জঁপিয়ালে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
ছহীহ (মুছলিম)