Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 34 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। তেখেতে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবলৈ বেলেগ ঠাইলৈ গ’ল। সেই সময়তে আমি এটা ৰঙা চৰাই (হুম্মাৰা) আৰু তাৰ দুটা পোৱালি দেখিলোঁ। আমি তাইৰ পোৱালি দুটা ধৰি আনিলোঁ। চৰাইজনী পিছে পিছে আহি পাখি মেলি পোৱালিৰ বাবে অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক’লে: “কোনে ইয়াৰ পোৱালি আনি ইয়াক অস্থিৰতাত পেলাইছে? ইয়াৰ পোৱালিবোৰ ইয়াক ওভোতাই দিয়া!” ইয়াৰ পিছত তেখেতে এটা পৰুৱাৰ ঘৰ দেখা পালে যিটোক আমি জ্বলাই দিছিলোঁ। তেখেতে ক’লে: “এইটো কোনে জ্বলাইছে?” আমি উত্তৰত ক’লোঁ: “আমি।” তেতিয়া তেখেতে ক’লে: “অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
ছহীহ (আবু দাঊদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)
ছহীহ (তিৰমিজী, ইবনে হিব্বান)
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে (কোনো এটা অভিযানলৈ) এটা সেনাদল প্ৰেৰণ কৰিছিল, আৰু সেই সেনা বাহিনীৰ সেনাপতি নিযুক্ত কৰিছিল এজন আনচাৰী লোকক আৰু বাকীসকলক তেওঁৰ (সেনাপতিৰ) আনুগত্য কৰিবলৈ আদেশ দিছিল। (অভিযানত থকা অৱস্থাত কোনো এটা কাৰণত) সেই সেনাপতিজন ক্ৰোধান্বিত হয়। তেতিয়া তেওঁ কয় যে, “নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ আদেশ দিয়া নাইনে?” তেওঁলোকে ক’লে, “হয়, নিশ্চয় দিছে।” তেতিয়া তেওঁ ক’লে, “তেন্তে তোমালোকে কিছুমান কাঠ খৰি সংগ্ৰহ কৰি আনাগৈ।” সিহঁতে খৰি সংগ্ৰহ কৰি আনিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এইবোৰত জুই লগাই দিয়া।” তেওঁলোকে তাত জুই লগাই দিলে। তেতিয়া তেওঁ ক’লে, “এতিয়া তোমালোকে সকলোৱে এই জুইত জাঁপ মাৰি দিয়া।” তেওঁলোকে এটা পৰ্যায়ত জুইত প্ৰৱেশ কৰিবলৈ সংকল্প কৰি পেলাইছিল। কিন্তু তেওঁলোকৰ মাজৰ কেইজনমানে আন কেইজনমানক বাধা দি ক’বলৈ ধৰিলে যে, “আমি এই জুইৰ পৰাই পলায়ন কৰি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিছোঁ।” এইদৰে বাদানুবাদ চলি থাকোঁতে জুই নুমাই গ’ল আৰু তেওঁৰো ক্ৰোধ ঠাণ্ডা হ’ল। ইয়াৰ পিছত এই সংবাদ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰ পালেগৈ, তেখেতে ক’লে, “যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থানকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকাৰী) আৰু তেওঁৰ সীমাৰেখা উলংঘাকাৰী (অৰ্থাৎ সৎকৰ্মৰ আদেশ নিদিয়া আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়া) ব্যক্তিৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন (দুইমহলীয়া) জাহাজত উঠিলে, আসন নিৰ্বাচন কৰিবলৈ সিহঁতে লটাৰি কৰিলে। ফলত কিছুমানে ওপৰত ঠাই পালে আৰু কিছুমানে তলত। তলৰ লোকসকলে পানী লবলগীয়া হ'লে ওপৰত যাবলগীয়া হৈছিল। সেয়ে সিহঁতে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে আৰু ওপৰত যাবলগীয়াও নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এই পৰিস্থিতিত ওপৰৰ লোকসকলে যদি তলৰ লোকসকলক বাধা নিদিয়ে তেন্তে নিশ্চিতভাৱে সকলোৱে ডুবি ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক এই কাম কৰিবলৈ বাধা দিয়ে তেন্তে সিহঁতেও ৰক্ষা পাব আৰু বাকী লোকসকলে সুৰক্ষিত থাকিব।
ছহীহ (বুখাৰী)
মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।
ছহীহ (বুখাৰী)
"অনাগত সময়ত প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব আৰু এনেকুৱা কিছুমান বিষয় সন্মুখলৈ আহিব যিবোৰক তোমালোকে অপছন্দ কৰিবা।" তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! তেনেকুৱা পৰিস্থিতি সম্পৰ্কে আপুনি আমাক কি উপদেশ দিয়ে? তেখেতে ক'লেঃ "তোমালোকে নিজৰ দায়িত্ব পালন কৰিবা আৰু নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এদিনাখন আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, তেনেতে এজন ব্যক্তি উটৰ পিঠিত আৰোহণ কৰি প্ৰৱেশ কৰিলে, আৰু মছজিদ প্ৰাঙ্গনত উট ৰখাই বান্ধিলে। ইয়াৰ পিছত চাহাবাসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ মাজত মুহাম্মদ কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সেই সময়ত তেওঁলোকৰ মাজতেই আউজি বহি আছিল। আমি ক'লোঃ এই যে, আউজি বহি থকা শুভ্ৰ ব্যক্তিজনেই হৈছে তেওঁ। সেই ব্যক্তিজনে তেখেতক ক'লেঃ হে আব্দুল মুত্তালিবৰ পুত্ৰ! নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, কোৱা কি ক'বলগীয়া আছে মই তোমাৰ উত্তৰ দি আছোঁ। সেই ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কিছু কঠোৰতা অৱলম্বন কৰিম, কিন্তু আপুনি বেয়া নাপাব বা মোৰ প্ৰতি অসন্তুষ্ট নহ'ব। তেখেতে ক'লেঃ তোমাৰ যি সুধিবলগীয়া আছে সোধা। তেওঁ ক'লেঃ মই প্ৰথমেই সেই সত্ত্বাৰ শপত খাইছোঁ যিজন আপোনাৰ প্ৰতিপালক আৰু আপোনাৰ পূৰ্বৱৰ্তীসকলৰো প্ৰতিপালক, আপোনাক আল্লাহে গোটেই মানৱজাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ প্ৰশ্ন কৰি ক'লেঃ আল্লাহৰ শপত খাই কৈছোঁ, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ পঢ়িবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ হয় নিশ্চয়, আল্লাহ সাক্ষী আছে। তেওঁ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, বছৰৰ এই (ৰমাজান) মাহত ৰোজা পালন কৰিবলৈ আল্লাহে আদেশ কৰিছেনে? তেখেতে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। তেওঁ আকৌ ক'লেঃ মই আপোনাক আল্লাহৰ শপত দি কৈছোঁ, আমাৰ মাজৰ ধনী মানুহৰ পৰা জাকাত গ্ৰহণ কৰি অভাৱী দৰিদ্ৰ মানুহৰ মাজত ভগাই দিবলৈ আল্লাহে নিৰ্দেশ দিছে নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ আল্লাহক সাক্ষী থৈ কৈছোঁ, হয়। উত্তৰ পাই ব্যক্তিজনে ক'লেঃ আপুনি যি বাৰ্তা লৈ প্ৰেৰিত হৈছে মই তাৰ ওপৰত ঈমান আনিলোঁ। মই মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইয়ালৈ আগমন কৰিছোঁ। মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়। সি মোৰ হাউজত উপস্থিতো হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ কাৰণে সিহঁতক সত্যবাদী বুলি গণ্য নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগো নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত আৰু ময়ো তেওঁৰ দলভুক্ত। হাউজে কাউছাৰত তেওঁ মোৰ ওচৰত উপস্থিত থাকিব।"
ছহীহ (আহমদ)